ETV Bharat / entertainment

Nobel Prize award ceremony: নবেল বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ৰাছিয়া, ইৰাণ আৰু বেলাৰুছে নাপাব নিমন্ত্ৰণ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 12:17 PM IST

Nobel Prize award ceremony
নবেল বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ৰাছিয়া, ইৰাণ আৰু বেলাৰুছে নাপাব নিমন্ত্ৰণ

ব্যাপক সমালোচনাৰ অন্তত নবেল ফাউণ্ডেশ্যনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । নবেল বঁটা প্ৰদান অনুষ্ঠানত সকলো ৰাষ্ট্ৰদূতকে আমন্ত্ৰণ জনোৱা হ'ব যদিও ৰাছিয়া, ইৰাণ আৰু বেলাৰুছৰ ৰাষ্ট্ৰদূতক নিমন্ত্ৰণ জনোৱা নহ'ব ।

চিটাৰা ডেস্ক,৩ ছেপ্টেম্বৰ : নবেল বঁটা প্ৰদান অনুষ্ঠানত সকলো ৰাষ্ট্ৰদূতকে নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্তৰ পাছতে বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নবেল ফাউণ্ডেশ্যনৰ এই সিদ্ধান্তক কিছুমান দেশে তীব্ৰ সমালোচনা কৰিছিল । এনে বিতৰ্কৰ মাজতে অৱশেষত নবেল ফাউণ্ডেশ্যনে তিনিখন দেশলৈ নিমন্ত্ৰণ প্ৰত্যাহাৰ কৰে । অনুষ্ঠানলৈ ৰাছিয়া, ইৰাণ আৰু বেলাৰুছৰ ৰাষ্ট্ৰদূতক নিমন্ত্ৰণ নজনোৱাৰ সিদ্ধান্ত লয় ফাউণ্ডেশ্যনে । এক প্ৰেছ বিজ্ঞপ্তিত নবেল ফাউণ্ডেশ্যনে শনিবাৰে কয় যে, তিনিখন দেশ ক্ৰমে ৰাছিয়া, বেলাৰুছ আৰু ইৰাণৰ ৰাষ্ট্ৰদূতসকলক নিমন্ত্ৰণ জনোৱা নহ'ব ।

ইউক্ৰেনে ৰাছিয়া আৰু বেলাৰুছৰ ৰাষ্ট্ৰদূতসকলক নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্তক গৰিহণা দিছিল । ইউৰোপীয় সংসদৰ এগৰাকী চুইডিছ সদস্যই এই সিদ্ধান্তক অত্যন্ত অনুপযুক্ত বুলি অভিহিত কৰিছে । ইফালে যোৱা বছৰ ইউক্ৰেইনৰ সৈতে যুদ্ধৰ বাবে ৰাছিয়া আৰু বেলাৰুছৰ ৰাষ্ট্ৰদূতসকলক ষ্টকহোমৰ নবেল বঁটা প্ৰদান অনুষ্ঠানৰ পৰাও বাদ দিয়া হৈছিল ।

ফাউণ্ডেশ্যনে শনিবাৰে এক বিবৃতিত কয় যে নবেল ফাউণ্ডেশ্যনে পূৰ্বৰ প্ৰথা অনুসৰি নবেল বঁটা প্ৰদান অনুষ্ঠানত সকলো ৰাষ্ট্ৰদূতক নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছিল যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সিদ্ধান্তৰ আধাৰ হৈছে নবেল বঁটা প্ৰদানৰ মূল্যবোধ আৰু বাৰ্তাৰ সৈতে যিমান সম্ভৱ ব্যাপকভাৱে উপনীত হোৱাটো গুৰুত্বপূৰ্ণ আৰু অধিকাৰ ।

ফাউণ্ডেশ্যনে কয় যে তেওঁলোকে চুইডেনত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াক স্বীকৃতি দিছে । সেয়েহে, নিয়মীয়া অনুশীলনৰ বাবে যোৱা বছৰৰ ব্যতিক্ৰমৰ পুনৰাবৃত্তি কৰিবলৈ সাজু হৈছে ।

ইফালে শনিবাৰে ফাউণ্ডেশ্যনে লোৱা এই পদক্ষেপক চুইডিছ প্ৰধানমন্ত্ৰী আৰু ইউক্ৰেইনৰ বিষয়াসকলে আদৰণি জনাইছে । চুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰ্ছনে এক্সত এটা পোষ্টত কয় যে ষ্টকহোমত নবেল বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত নবেল ফাউণ্ডেশ্যনৰ পৰিষদৰ নতুন সিদ্ধান্তক তেওঁ স্বাগতম জনাইছে ।

ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই এটা পোষ্টত এই সিদ্ধান্তক ন্যায় পুনৰুদ্ধাৰ বুলি অভিহিত কৰিছে । নবেল বেঙ্কুৱেট বছৰি ১০ ডিচেম্বৰত ষ্টকহোমত অনুষ্ঠিত হয় । য'ত ছয়টাৰ ভিতৰত পাঁচটা নবেল বঁটা প্ৰদান কৰা হয় । নৰৱেৰ অছলোত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয় । ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধই অসংখ্য লোকৰ প্ৰাণ লৈছে আৰু এতিয়াও দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ অব্যাহত আছে । যাৰ বাবে এই অনুষ্ঠানলৈ ৰাছিয়া, ইৰাণ আৰু বেলাৰুছৰ ৰাষ্ট্ৰদূতক আমন্ত্ৰণ জনোৱাক লৈ অসন্তুষ্ট আছিল বিভিন্ন পক্ষ ।

লগতে পঢ়ক: Mohamed Al Fayed dies : ফুলহাম ফুটবল ক্লাবৰ প্ৰাক্তন স্বত্বাধিকাৰী মহম্মদ আল ফায়েদৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.