ETV Bharat / international

Mohamed Al Fayed dies : ফুলহাম ফুটবল ক্লাবৰ প্ৰাক্তন স্বত্বাধিকাৰী মহম্মদ আল ফায়েদৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 12:27 PM IST

লণ্ডনৰ বিখ্যাত হেৰডছ ডিপাৰ্টমেণ্ট ষ্ট'ৰৰ প্ৰাক্তন স্বত্বাধিকাৰী তথা ফুলহাম ফুটবল ক্লাবৰ প্ৰাক্তন স্বত্বাধিকাৰী মহম্মদ আল ফায়েদৰ মৃত্যু । ৯৪ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু ইজিপ্তৰ ব্যৱসায়ীগৰাকীৰ ।

Mohamed Al Fayed dies
ফুলহাম ফুটবল ক্লাবৰ প্ৰাক্তন স্বত্বাধিকাৰী মহম্মদ আল ফায়েদৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ : লণ্ডনৰ বিখ্যাত হেৰডছ ডিপাৰ্টমেণ্ট ষ্ট'ৰৰ প্ৰাক্তন স্বত্বাধিকাৰী মহম্মদ আল ফায়েদৰ মৃত্যু । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ । আল ফায়েদ এগৰাকী ইজিপ্তীয় ব্যৱসায়ী । তেওঁ ফুলহাম ফুটবল ক্লাবৰ প্ৰাক্তন গৰাকীও আছিল । মহম্মদ আল ফায়েদৰ পত্নী আৰু পৰিয়ালে নিশ্চিত কৰিছে যে বুধবাৰে অৰ্থাৎ ৩০ আগষ্টত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছে ।

উল্লেখ্য যে মহম্মদ আল ফায়েদৰ পুত্ৰ ৰাজকুমাৰী ডায়েনাৰ সৈতে এক দুৰ্ঘটনাত নিহত হৈছিল । ২৬ বছৰ পূৰ্বে সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল । ৰাজকুমাৰী ডায়েনাৰ সৈতে পেৰিছত সংঘটিত গাড়ী দুৰ্ঘটনাত পুত্ৰ ডোডি ফায়েদৰ মৃত্যু হৈছিল । পুত্ৰৰ মৃত্যুৰ পাছতে মহম্মদ আল ফায়েদ হতাশাগ্ৰস্ত হৈ পৰিছিল । ব্যৱসায়টো যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল । আনহাতে পুত্ৰৰ মৃত্যুৰ বাবে ব্ৰিটিছ প্ৰতিষ্ঠানক দোষাৰোপ কৰি জীৱনৰ পিছৰ সময়ছোৱা তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিয়াতে কটাইছিল ফায়েদে ।

ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপৰ দ্বাৰা পৰিচালিত ষড়যন্ত্ৰত পুত্ৰ ডোডি আৰু ডায়েনাক হত্যা কৰা হৈছিল বুলি আল ফায়েদে সন্দেহ কৰিছিল । তেওঁ দাবী কৰিছিল যে ৰাজপৰিয়ালে দুৰ্ঘটনাটোৰ ষড়যন্ত্ৰ কৰিছিল কাৰণ তেওঁলোকে ডায়েনাক এজন ইজিপ্তিয়ানৰ সৈতে সম্পৰ্ক ৰখা বিচৰা নাছিল ।

আল ফায়েদে দাবী কৰিছিল যে ডায়েনা গৰ্ভৱতী আছিল আৰু ডোডিক বিয়া কৰাৰ পৰিকল্পনা কৰিছিল । কিন্তু ৰাজপৰিয়ালে সেয়া বিচৰা নাছিল পৰিকল্পিতভাৱে তেওঁলোকক হত্যা কৰিছিল । আল ফায়েদে এক অনুসন্ধানৰ সময়ত কৈছিল যে অভিযুক্ত ষড়যন্ত্ৰকাৰীৰ তালিকাত ফিলিপ, তেতিয়াৰ প্ৰিন্স চাৰ্লছ, প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ, ডায়েনাৰ ভগ্নী ছাৰাহ মেককৰ্কোডেল, লণ্ডনৰ দুজন প্ৰাক্তন আৰক্ষী মুৰব্বী আৰু চিআইএ অন্তৰ্ভুক্ত আছিল । কিন্তু পুত্ৰৰ ন্যায়ৰ বাবে যুঁজি যুঁজি অৱশেষত বৃদ্ধ আল ফায়েদৰ মৃত্যু হয় । তেওঁৰ মৃত্যুত কেৱল পৰিয়ালৰ মাজতে নহয় লণ্ডনত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক :South African police killed suspected robbers : আৰক্ষীৰ গুলীত নিহত 18 টা ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.