ETV Bharat / crime

গহপুৰত তিনি শিশুক যৌন নিৰ্যাতন চলাই পলায়ন যুৱকৰ

author img

By

Published : Jul 30, 2021, 7:38 PM IST

গহপুৰত তিনিটা কণমানি শিশুক যৌন আতিশায্য চলাই পলাতক নিভাজ হৰিপাল নামৰ এজন যুৱক ৷ অভিযুক্ত হৰি পালক বিচাৰি অভিযান আৰক্ষীৰ ৷

Three Child Molestation By Youth At Biswanath District
গহপুৰত তিনি শিশুক যৌন নিৰ্যাতন চলাই পলায়ন যুৱকৰ

বিশ্বনাথ, 30 জুলাই : গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিচা (Bramhajan Tea Garden) ত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা । ব্ৰহ্মাজান বাগিছাৰ ১ নং লাইনৰ নিভাজ হৰিপাল নামৰ এজন যুৱকজনে ঘৰৰ কাষৰে তিনি গৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে অভিযুক্ত নিভাজ হৰিপালে ৷

উল্লেখ্য যে, বহু দিনৰ পৰা এনেধৰণৰ অপৰাধজনীত কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল নিভাজ হৰিপালৰ বিৰুদ্ধে ৷ কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে এই দুষ্কাৰ্য । ইতিমধ্যে পৰিয়ালৰ লোকে সমস্ত ঘটনাটোৰ বিৰুদ্ধে ঘাঁহিগাঁও আৰক্ষী চকীত (Ghahi Gaon Police Station) এটা গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে নিভাজ হৰিপালৰ বিৰুদ্ধে অভিযান চলাইছে যদিও বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

গহপুৰত তিনি শিশুক যৌন নিৰ্যাতন চলাই পলায়ন যুৱকৰ

লগতে পঢ়ক - শিশুক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী 55 বছৰীয়া ব্যক্তি

ইতিমধ্যে উক্ত ঘটনাটোৰ বিৰুদ্ধে বিশ্বনাথ জিলা আটছা (AATSA)ৰ নেতা সকল সৰৱ হৈ পৰিছে ৷ ২৪ ঘন্টাৰ ভিতৰত অভিযুক্ত নিভাজ হৰিপালক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক সময় সীমা বান্ধি দিয়াৰ উপৰিও দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ ইতিমধ্যে ঘাঁহিগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ।

ঠিক একেদৰে শিৱসাগৰ জিলাৰ (Sivasagar District))ৰ বিষ্ণু নগৰতো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ এটি কনমানি কন্যা শিশুক (minor girl ) ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে এগৰাকী 55 বছৰীয়া লোকে বিৰুদ্ধে ৷ লোকজন শিৱসাগৰৰে অনুজ দাস ওৰফে অনিমেষ দাস বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বুধবাৰে নিশা অনিমেষ দাসক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police) ৷

এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতেই অনিমেষ দাসৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিল কিশোৰীগৰাকাৰীৰ পৰিয়ালে ৷ শিৱসাগৰ সদৰ থানাত ৰুজু কৰা ৯২৩/২০২১ৰ গোচৰৰ ভিত্তিত 375 (B) IPC R/W 6 & 12 of POCSO ACT ৰ অধীনত গ্ৰেপ্তাৰ (Arrest) কৰা হয় অভিযুক্ত অনিমেষ দাসক ৷ গ্ৰপ্তাৰৰ পাচতেই বৃহস্পতিবাৰে জেল (jail) হাজোতলৈ প্ৰেৰণ কৰা হয় লোকজনক ৷

লগতে পঢ়ক -আৰক্ষীৰ জালত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰক ৰঞ্জন চুতীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.