ETV Bharat / crime

চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত অভিযুক্তৰ

author img

By

Published : Jun 23, 2021, 4:49 PM IST

চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত অভিযুক্তৰ
চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত অভিযুক্তৰ

চিৰাঙৰ কাজলগাঁৱতৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ তলা ভাঙি পলায়ন দুই ক’ভিডত আক্ৰান্ত অভিযুক্তৰ । অভিযুক্ত দুজনৰ সন্ধানত আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত আছে ৷

চিৰাং, 23 মে' : চিৰাং জিলাৰ কাজলগাঁৱত অৱস্থিত জেএচবি অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসাধীন হৈ থকা দুজনকৈ ক'ভিড আক্ৰান্ত অভিযুক্তৰ পলায়নৰ ঘটনা পোহৰলৈ আহিছে । পলাতক অভিযুক্ত দুজনৰ এজন চলন্ত ৰে’লৰ পৰা তেল চুৰি কৰা চক্ৰৰ মূল অভিযুক্ত জৰিফ আলী আৰু আনজন জনস্বাস্থ্য কাৰিকৰি বিভাগৰ পানী যোগান আঁচনিৰ মটৰ চুৰিৰ গোচৰত অভিযুক্ত বিশ্বজিত ৰায় বুলি জানিব পৰা গৈছে ৷ জৰিফ আলীৰ বিৰুদ্ধে ঢালিগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৯/২৮৫/৩৪ আৰু পেট্ৰ’লিয়াম আইনৰ ২৩ অনুচ্ছেদ অনুসৰি ১৫৫/২১ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছিল ৷

তাৰ মাজতে আলীৰ শৰীৰত ধৰা পৰিছিল কৰ’ণাৰ অৱস্থিতি । একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ মটৰ চুৰিৰ গোচৰত তিনিজন লোকক কৰায়ত্ত কৰা হৈছিল ৷ কিন্তু বিশ্বজিতৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বাকী দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

চিৰাঙত তলা ভাঙি দুই অভিযুক্তৰ পলায়ন

বিশ্বজিতৰ বিৰুদ্ধে ঢালিগাঁও থানাত ১৫৮/২১ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল । ক’ভিড চিকিৎসালয়ৰ তলা ভাঙি দুয়োজন অভিযুক্তই পলায়ন কৰে মঙলবাৰে নিশা । তাৰে বিশ্বজিৎ ৰায় নামৰ অভিযুক্তজনে হাতত হেণ্ডকাফ লগোৱা অৱস্থাতে চিকিৎসালয়ৰ পৰা পলায়ন কৰে ।

পলাতক অভিযুক্ত দুজনৰ সন্ধানত আৰক্ষীয়ে ব্যাপক তালাচী চলাই আছে । অদ্যপি কোনো সন্ধান লাভ কৰা নাই ৷ ৰহস্যজনকভাৱে মতামত প্ৰদানৰ পৰা বিৰত আছে আৰক্ষী ৷

উল্লেখ্য যে, তিনিদিন আগতে ক'ভিড আক্ৰান্ত অভিযুক্ত দুজনক চিকিৎসাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত ক'ভিড ৱাৰ্ডত ভৰ্তি কৰা হৈছিল । মঙলবাৰে পুৱতি নিশা পহৰাৰত আৰক্ষীৰ চকুত ধূলি দি চিকিৎসালয়ৰ পিচদুৱাৰৰ তলা ভাঙি পলায়ন কৰে অভিযুক্তদ্বয়ে । ঘটনা পোহৰলৈ অহাৰ পিছত কাজলগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আৰক্ষীৰ গুলিত আহত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.