ETV Bharat / city

মিজোৰামৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মটক ছাত্ৰ সন্থাৰ

author img

By

Published : Aug 2, 2021, 12:20 PM IST

Motok student union protest against Mizoram govt At Tinsukia
মিজোৰামৰ বিৰুদ্ধে কি গৰ্জন দিলে মটক ছাত্ৰ সন্থাই ?

লাইলাপুৰৰ বৰ্বৰ ঘটনাৰ বিৰুদ্ধে তিনিচুকীয়াৰ লাইপুলি বাইপাছত উত্তাল প্ৰতিবাদ (Protest) সাব্যস্ত কৰে মটক ছাত্ৰ সন্থাই ৷ অসমৰ ভূমি এক ইঞ্চিও দিয়া নহ'ব বুলি মিজোৰামক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

তিনিচুকীয়া, 2 আগষ্ট : যোৱা 26 জুলাই 'অসম-মিজোৰামৰ সীমান্ত' (Assam Mizoram Border)লাইলাপুৰ (Lailapur)ত মিজোৰাম আৰক্ষীৰ গুলিত 6 জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে এজন সাধাৰণ লোক নিহত হয় ৷ ইয়াৰ উপৰিও এই ঘটনাত প্ৰায় 50 জনৰো অধিক লোক আহত হয় ৷ উক্ত ঘটনাকলৈ মিজোৰাম চৰকাৰৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ (Protest) অব্যাহত ৰাখিছে । সমান্তৰালকৈ তিনিচুকীয়াৰ (Tinsukia) লাইপুলি বাইপাছত সোমবাৰে 'সদৌ অসম মটক ছাত্ৰ সন্থা' (Assam Motak Students Union)ৰ সদস্য সকলে মানৱ শৃংখল কৰ্যসূচী ৰূপায়ণ কৰে ৷

সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ক'ভিড প্ৰট'কল (Covid Protocol) মানি জাতীয় সাজ পৰিধান কৰি সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মিজো আৰক্ষী (Mizo Police)ৰ বৰ্বৰ ঘটনাৰ বাবে মটক ছাত্ৰ সন্থাই মিজোৰাম চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । প্ৰতিবাদকাৰীসকলে মিজোৰামৰ চৰকাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান (Slogan) দি পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক - অসম আৰক্ষীক কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জয় হাজৰিকাই হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীসকলক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় । কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি ভাস্কৰ বৰুৱা, সম্পাদক কুমুদ চেতিয়াৰ লগতে সন্থাৰ বহু কেইজন বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে ৷

মিজোৰামৰ বিৰুদ্ধে কি গৰ্জন দিলে মটক ছাত্ৰ সন্থাই ?

আনহাতে, ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ (K Vanlalvena) বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’লে অসম আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (Assam Police Special DGP) জি পি সিঙে (GP Singh) টুইটযোগে প্ৰকাশ কৰিছে এই কথা ৷ মুখ্য়মন্ত্ৰীৰ নিৰ্দেশতে মিজোৰামৰ সাংসদগৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰ উঠাই লোৱা বুলি জানিবলৈ দিছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

অসম-মিজোৰামৰ মাজত সংঘটিত সীমা সংঘাতক লৈ তীব্ৰ উচতনিমূলক মন্তব্য কৰি কে ভানলালভেনাই কৈছিল, "অসম আৰক্ষী সৌভাগ্যৱান ৷ পৰৱৰ্তী সময়ত অসম আৰক্ষী পুনৰ সীমান্তলৈ আহিলে সকলোকে মাৰি পেলাম ৷" এই সংঘাতৰ ষড়যন্ত্ৰত ভানলালভেনাই সক্ৰিয় ভূমিকাৰ পৰিচায়ক হিচাপে দিয়া এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰক ভিত্তি কৰি অসম আৰক্ষীয়ে ধলাই থানাত ধাৰা 120(বি)(120 (b), 447, 336, 379, 333, 307, 302 আইপিচিৰ অধীনত অস্ত্ৰ আইন(arms act)ৰ ধাৰা 25(1-A)ত 236/21 নং গোচৰ ৰুজু কৰিছিল ৷

লগতে পঢ়ক - K Vanlalvena-ৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’লে অসম আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.