ETV Bharat / state

K Vanlalvena-ৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’লে অসম আৰক্ষীয়ে

author img

By

Published : Aug 2, 2021, 10:15 AM IST

Assam Police has withdraw the case against k vanlalvena
কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু গোচৰ উঠাই ল’লে অসম আৰক্ষীয়ে

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতে মিজোৰামৰ সাংসদ কে ভানলালভেনা(K Vanlalvena)ৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’লে অসম আৰক্ষীয়ে(Assam Police) ৷ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে সদৰি কৰিছে এই কথা ৷

নিউজ ডেস্ক, 2 আগষ্ট : ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ (K Vanlalvena) বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’লে অসম আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (Assam Police Special DGP) জি পি সিঙে (GP Singh) টুইটযোগে প্ৰকাশ কৰিছে এই কথা ৷ মুখ্য়মন্ত্ৰীৰ নিৰ্দেশতে মিজোৰামৰ সাংসদগৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰ উঠাই লোৱা বুলি জানিবলৈ দিছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

টুইটযোগে জি পি সিঙে কয়, "মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লৈছে অসম আৰক্ষীয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়ো ৰাজ্যৰ মাজত সীমা সমস্যা অধিক বৃদ্ধি কৰিব নিবিচাৰে ৷ ইয়াৰ বিপৰীতে মিজোৰাম আৰক্ষী আৰু অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে ৰুজু গোচৰ অব্যাহত থাকিব ৷ "

  • Reference @assampolice Dholai PS Case of Cachar district against @mizorampolice and other unknown persons, action against Sri K. Vanlalvena , Honble MP, Rajya Sabha from Mizoram has been abated.

    — GP Singh (@gpsinghips) August 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, সোমবাৰে ৰাজ্যসভাৰ সাংসদ কে. ভানলালভেনাৰ (K Vanlalvena) বিৰুদ্ধে ৰুজু গোচৰ উঠাই লোৱাৰ বাবে অসম আৰক্ষীক (Assam Police) নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম-মিজোৰামৰ মাজত হোৱা সীমা সংঘাতৰ পিছত সদিচ্ছাৰ নিদৰ্শন হিচাপে এই সিদ্ধান্ত লোৱা বুলি জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

  • This has been done at the instruction of Hon @CMOfficeAssam Sjt @himantabiswa in the interest of de-escalation of the tension along the border. However, criminal proceedings against erring police personnel of @mizorampolice and other miscreants shall continue.

    — GP Singh (@gpsinghips) August 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটত কৈছিল, "অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border) সংঘটিত ঘটনা দুয়ো ৰাজ্যৰ জনসাধাৰণৰ বাবে অগ্ৰহণযোগ্য ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই তেওঁৰ কোৱাৰেন্টাইন শেষ হ’লেই মোক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ কেৱল আলোচনাৰ মাধ্যমেৰেহে সীমা বিবাদৰ সমাধান হ’ব পাৰে ৷" পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই টুইটটো ৰিটুইট কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই (Mizoram CM Zoramthanga) ৷

  • 1/1
    I have noted statements in media by Honble CM @ZoramthangaCM wherein he has expressed his desire to settle the border dispute amicably. Assam always wants to keep the spirit of North East alive. We are also committed to ensuring peace along our borders.

    — Himanta Biswa Sarma (@himantabiswa) August 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অসম-মিজোৰামৰ মাজত হোৱা সীমা সংঘাতৰ পিছত সদিচ্ছাৰ নিদৰ্শন হিচাপে এই সিদ্ধান্ত লোৱা বুলি সোমবাৰে জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে অন্য আৰক্ষীৰ লোকসকলৰ ওপৰত ৰুজু গোচৰ অব্যাহত থাকিব বুলি কয় ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

অসম-মিজোৰামৰ মাজত সংঘটিত সীমা সংঘাতক লৈ তীব্ৰ উচতনিমূলক মন্তব্য কৰি কে ভানলালভেনাই কৈছিল, "অসম আৰক্ষী সৌভাগ্যৱান ৷ পৰৱৰ্তী সময়ত অসম আৰক্ষী পুনৰ সীমান্তলৈ আহিলে সকলোকে মাৰি পেলাম ৷" এই সংঘাতৰ ষড়যন্ত্ৰত ভানলালভেনাই সক্ৰিয় ভূমিকাৰ পৰিচায়ক হিচাপে দিয়া এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰক ভিত্তি কৰি অসম আৰক্ষীয়ে ধলাই থানাত ধাৰা 120(বি)(120 (b), 447, 336, 379, 333, 307, 302 আইপিচিৰ অধীনত অস্ত্ৰ আইন(arms act)ৰ ধাৰা 25(1-A)ত 236/21 নং গোচৰ ৰুজু কৰিছিল ৷

  • 1/2
    To take this goodwill gesture ahead, I have directed @assampolice to withdraw FIR against K. Vanlalvena , Honble MP, Rajya Sabha from Mizoram. However cases against other accused police officers will be pursued.

    — Himanta Biswa Sarma (@himantabiswa) August 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ লগতে ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইন 1984(Prevention of Damage to Public Property Act 1984)ৰ ধাৰাতো 3(Section3) কে ভানলালভেনাৰ লগতে মিজোৰাম আৰক্ষী আৰু কেইবাগৰাকীয়ো অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে । ইয়াৰ পিছতেই ঘটনাটোৰ আঁৰৰ ষড়যন্ত্ৰ সম্পৰ্কত আইনী ব্যৱস্থা ল'বলৈ চিআইডি(CID)ৰ বিষয়াসহ অসম আৰক্ষী(Assam Police) ৰ এটা দল দিল্লীলৈ ৰাওনা হৈছিল । টুইটাৰ যোগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এই কথা অৱগত কৰিছিল ৷

লগতে পঢ়ক-অসম আৰক্ষীক কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.