ETV Bharat / city

কেবৰ বিৰুদ্ধে এইবাৰ ৰাজপথত বাওপন্থী দল

author img

By

Published : Nov 18, 2019, 11:56 PM IST

Updated : Nov 19, 2019, 1:24 PM IST

আগন্তক শীতকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰাৰ সিদ্ধান্তৰ বিৰোধীতাৰে ৰাজ্যজুৰি চি পি আই এম, চিটুসহ বাও গনতান্ত্ৰিক মৰ্চাই ৷ ঠাইে ঠাইে ছাত্ৰ মুক্তি, ট্ৰাইবেল সন্থাৰো প্ৰতিবাদ ৷

কেবৰ বিৰুদ্ধে এইবাৰ ৰাজপথত বাওপন্থী দল

নিউজ ডেস্ক, 18 নৱেম্বৰ: সোমবাৰে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰিব খোজা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজপথত নামিল ৰাজ্যৰ বাওপন্থী দল ৷ ৰাজ্যৰ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলোতে বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তুলিলে চি পি আই এম, চিটুসহ বাও গনতান্ত্ৰিক মৰ্চাই ৷ সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে সোণাপুৰত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰিলে এন এফ আই পি এ চি আৰু ট্ৰাইবেল সন্থাৰ বহু সদস্যয়ে ৷ প্ৰতিবাদকাৰী সকলে প্ৰায় 30 মিনিট ধৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ৷

সোণাপুৰতো কেব বিৰোধী প্ৰতিবাদ

সাংস্কৃতিক নগৰী তেজপুৰতো কেবৰ বিৰোধীতাৰে তীব্ৰ বিৰোধিতা কৰি চি পি আই (এম),চি পি আই আৰু চি পি আই (এম এল ) দলে একত্ৰিত হৈ সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ আবেগ-অনুভূতিক আঘাত নাহানিবলৈ কেন্দ্ৰ চৰকাৰক সকীয়াই দিয়াৰ লগতে কেব গৃহীত হলে 1971 চনৰ 24 মাৰ্চ ক ভিত্তি বছৰ হিচাবে লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰণয় হোৱা এন আৰ চি খনো অৰ্থহীন হৈ পৰিব বুলি উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷

তেজপুৰ-কলগাছিয়া উত্তাল কৰিলে বাওপন্থী সংগঠনে

ইফালে কেবৰ বিৰোধিতাৰে আমগুৰিত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ আমগুৰি নগৰৰ চাৰিআলিত সংগঠনটোৱে প্ৰতিকৃতি দাহ কৰি কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ'বলৈ দিয়া নহ'ব বুলি প্ৰকাশ কৰে৷

বাওপন্থী দলৰ সমান্তৰাল ভাৱে, সোমবাৰে কেব বিৰোধী প্ৰতিবাদত নামিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ সোমবাৰে গোলাঘাট চহৰ আৰু নগাঁও জিলাৰ ৰহাত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে৷ ছাত্ৰ মুক্তিৰ স্পষ্ট মত কেবক বাধা দিব নোৱাৰিলে অসমীয়া জাতিৰ বিলুপ্তিৰ পথ স্পষ্ট ৷ ইফালে প্ৰতিবাদকাৰী সকলে গুৱাহাটীত হ'বলগীয়া কৃষক মুক্তিৰ কেব বিৰোধী অভিবৰ্তনত অংশগ্ৰহণ কৰিবলৈ সকলো ৰাইজক আহ্বান জনাই ৷

ৰহা-গোলাঘাটৰ ৰাজপথত ছাত্ৰমুক্তিৰ প্ৰচাৰ পত্ৰিকা বিতৰণ

বৰপেটা জিলাৰ জনীয়াতো বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিৰুদ্ধে সোমবাৰে সাব্যস্ত কৰা হল উত্তাল প্ৰতিবাদ ৷ জাতীয় ঐক্য তচনচ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সমগ্ৰ ৰাজ্যৰ লগতে কলগাছিয়াত চি পি আই এমৰ কলগাছিয়া লোকেল কমিটিয়ে সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷ লগতে চক্ৰ বিষয়াৰ জড়িয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ৷

আৰু পঢ়ক: JNU ছাত্ৰ-ছাত্ৰীৰ ওপৰত জপিয়াই পৰিল দিল্লী আৰক্ষী ! আধা বাটতে ৰুদ্ধ সদনলৈ

Intro:তেজপুৰ,১৮ নৱেম্বৰ:নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ সংসদত উত্থাপন কৰিবলৈ লোৱাৰ তীব্ৰ বিৰোধিতা কৰি আজি চি পি আই (এম),চি পি আই আৰু চি পি আই (এম এল ) দলে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে তেজপুৰত ।


Body:সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ আবেগ-অনুভূতি জড়িত হৈ আছে । আনহাতে ষোড়শ লোকসভাৰ শেষৰফালে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছিল কিন্তু দেশৰ সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দল সংগঠনে এই বিধেয়কৰ বিৰোধিতা কৰা ফলত এটা পৰ্য্যায়ত বিধেয়ক খনৰ পতন ঘটে । কিন্তু বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খনে এতিয়া পুনৰ নতুনকৈ বিধেয়কখন আইনত পৰিণত কৰিবলৈ চেষ্টা কিৰিছে । এই কার্য যাতে পুনৰ নহয় তাৰ বাবে চৰকাৰক দাবী জনায় আজি তিনিওটা সংগঠনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ শোণিতপুৰ জিলাৰ উপায়ুক্ত ৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
Bite: চি পি আই (এম)


Conclusion:আনহাতে তেওঁলোকে কয় যে এই বিধেয়ক সংসদত গৃহীত হলে "অসম চুক্তিৰ" বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ দফাটো সম্পূৰ্ণ লঙ্ঘন কৰা হব বুলি মত প্ৰকাশ কৰে । 1971 চনৰ 24 মাৰ্চ ক ভিত্তি বছৰ হিচাবে লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰণয় হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) খনো অৰ্থহীন হৈ পৰিব বুলি স্মাৰক পত্ৰত উল্লেখ কৰে । প্ৰতিবাদী সকলে বিজেপি চৰকাৰ মূর্দাবাদ সৰ্বানন্দ সোণোৱাল মূর্দাবাদ ধ্বনিৰ বিধেয়ক খন বাতিল কৰিবলৈ দাবী উত্থাপন কৰে ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
১৮/১১/১৯
Last Updated : Nov 19, 2019, 1:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.