ETV Bharat / city

প্ৰতিকী ম’হযুঁজেৰে পৰম্পৰা ৰক্ষা শিৱসাগৰত

author img

By

Published : Jan 17, 2022, 8:37 AM IST

শিৱসাগৰৰ কালুগাঁও জাপিসজীয়া পথাৰত পৰম্পৰা ৰক্ষা কৰি যুঁজোৱা হ’ল ম’হ (Buffalo fight in Sivsagar) ৷ ন্যায়ালয়ৰ ৰায়ক সন্মান জনায় জাপিসজীয়া গাঁওবাসীয়ে আমোদ ল’লে প্ৰতিকী ম’হ যুঁজৰ । বহু বছৰ পূৰ্বে জাপিসজীয়া পথাৰত প্ৰকৃত ম’হ যুঁজ হৈছিল যদিও ন্যায়ালয়ৰ বাধাৰ পিছতে প্ৰতিকী মহযুঁজ আৰম্ভ কৰে গাঁওখনৰ লোকসকলে (Symbolic Buffalo Fight in Sivsagar)।

Symbolic Buffalo Fight in Sivsagar
প্ৰতিকী ম’হযুঁজেৰে পৰম্পৰা ৰক্ষা শিৱসাগৰত

আমগুৰি, ১৭ জানুৱাৰী : মাঘ বিহুৰ অন্যতম এক পৰম্পৰা হৈছে ম’হযুঁজ (Buffalo Fight in Assam) ৷ ৰাজ্যত অতীজৰে পৰা চলি আহিছে এই ক্ৰীড়া ৷ কিন্তু উচ্চতম ন্যায়ালয়ে ম’হযুঁজৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে কেইবছৰমান পূৰ্বে (Supreme Court's ban on Buffalo fight)৷ তাৰ পাচতেই ম’হযুঁজক লৈ সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক কোনোপধ্যেই মানি ল’ব খোজা নাই গুৱালসকলে ৷ সেয়ে বিভিন্ন স্থানত অনানুষ্ঠানিকভাৱে হ’লেও ম’হযুঁজ অনুষ্ঠিত হৈ আহিছে ৷

শিৱসাগৰৰ কালুগাঁও জাপিসজীয়া পথাৰতো পৰম্পৰা ৰক্ষা কৰি যুঁজোৱা হ’ল ম’হ ৷ কিন্তু প্ৰতিকীভাৱেহে এই যুঁজ অনুষ্ঠিত কৰা হয় (Symbolic Buffalo Fight in Sivsagar)৷ নৱপ্ৰজন্মক মহযুঁজৰ বিষয়ে সাম্যক জ্ঞান দিবৰ কাৰণে আৰু ঐতিহ্য ৰক্ষাৰ বাবে অনুষ্ঠিত কৰা হ’ল এই প্ৰতিকী ম’হযুঁজ । ম’হৰ প্ৰতিকী নিৰ্মাণ কৰি মানুহে যুঁজ কৰা দেখা গ’ল ম’হৰ দৰে ৷ বিগত বৰ্ষতো এইদৰেই অনুষ্ঠিত হৈছিল ম’হযুঁজ ৷

Symbolic Buffalo Fight in Sivsagar
জাপিসজীয়া পথাৰত প্ৰতিকী ম’হযুঁজ

এই প্ৰতিকী ম’হ যুঁজ চাবলৈ উদগ্ৰীৱ হৈ পৰে গাঁওবাসী । শ শ লোকে ম’হযুঁজ চাই আনন্দ লভিলে । ক'ভিড পৰিস্থিতিৰ মাজতো গাঁওবাসীয়ে প্ৰতিকী ম’হ যুঁজ কৰি ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ চেষ্টা চলালে শিৱসাগৰত ।

ন্যায়ালয়ৰ ৰায়ক সন্মান জনায় জাপিসজীয়া গাঁওবাসীয়ে আমোদ ল’লে প্ৰতিকী ম’হ যুঁজৰ । বহু বছৰ পূৰ্বে জাপিসজীয়া পথাৰত প্ৰকৃত ম’হ যুঁজ হৈছিল যদিও ন্যায়ালয়ৰ বাধাৰ পিছতে প্ৰতিকী মহযুঁজ আৰম্ভ কৰে গাঁওখনৰ লোকসকলে । সাইলাখ ম’হৰ দৰেই যুঁজ লগা দেখা গ’ল দুটা প্ৰতিকী ম’হক ৷

প্ৰতিকী ম’হযুঁজেৰে পৰম্পৰা ৰক্ষা শিৱসাগৰত

অৱশ্যে এইবাৰ ক’ভিডৰ বাবে স্থগিত ৰখা হ’ল ঐতিহাসিক আঁহতগুৰিৰ ম’হযুঁজ (Ahatguri buffalo Fight cancelled) ৷ মাঘ বিহুত ম’হযুঁজ চাবলৈ লোকে লোকাৰণ্য হৈ পৰা আঁহতগুৰি এইবাৰ নিজম পৰি ৰ’ল ৷ কিন্তু নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাটাও স্থানত ম’হযুঁজ অনুষ্ঠিত কৰা হয় ৷ পৰম্পৰা ৰক্ষা কৰি গুৱালসকলে ম’হ যুঁজালে মাঘ মাহত ৷ একমাত্ৰ গুৱালসকলৰ সন্মতিতহে আয়োজন কৰা হয় এই ম’হযুঁজ সমূহ ৷

লগতে পঢ়ক: Buffalo Fight in Nagaon : গোণা ম’হৰ যুঁজত কঁপিল গোমোঠা গাঁৱৰ পথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.