ETV Bharat / city

শিৱসাগৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক

author img

By

Published : Aug 14, 2022, 2:15 PM IST

One dead in road accident
শিৱসাগৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক

শিৱসাগৰৰ গৌৰীসাগৰত দেওবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Sivsagar road accident) ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে আনখন বাহন ৷

আমগুৰি, 14 আগষ্ট: শিৱসাগৰৰ গৌৰীসাগৰত দেওবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Sivasagar) । এখন অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী(One dead in road accident) ৷ নিহত যুৱকজন কাকজান আৰন্ধৰা গাঁৱৰ মনোজ প্ৰতীম ভূঞা বুলি জানিব পৰা হৈছে ৷

গৌৰীসাগৰ চাৰিং বাৰুৱতীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত (Accident in National Highway 37) সংঘটিত হৈছে এই ঘটনা ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ AS-03-R-4139 নম্বৰ ৷ ১৫০ পালচাৰখনত খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখন ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে লগতে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, নিহত যুৱকজন শিৱসাগৰস্থিত এখন হাৰ্ডৱেৰ দোকানৰ একাউন্টেট আছিল ৷

লগতে পঢ়ক: Road accident in Nagaon: নগাঁৱত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক ৰঞ্জিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.