ETV Bharat / state

Road accident in Nagaon: নগাঁৱত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক ৰঞ্জিত শৰ্মা

author img

By

Published : Aug 12, 2022, 11:22 AM IST

Updated : Aug 12, 2022, 6:11 PM IST

নগাঁৱত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক ৰঞ্জিত শৰ্মা
নগাঁৱত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক ৰঞ্জিত শৰ্মা

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Nagaon) । পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত নগাঁৱৰ ফটো সাংবাদিক ৰঞ্জিত শৰ্মা(Nagaon journalist injured in accident) । নগাঁও প্ৰেছক্লাৱ আৰু নেডমাৰ সহযোগত নিশাই নগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ফটো সাংবাদিক গৰাকীক ।

নগাঁও,১২ আগষ্ট: নগাৱঁত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Nagaon) । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় যুৱ-সাংবাদিক ৰঞ্জিত শৰ্মা (Nagaon journalist injured in accident) । নগাঁৱৰ বৰঘাট বাইপাছত তীব্ৰবেগী বাহনৰ খুন্দাত আহত হয় সাংবাদিকগৰাকী । দিনটো নিজৰ কৰ্তব্য সমাপন কৰি নগাঁও চহৰৰ পৰা পাঠৰিৰ নিজ বাসগৃহলৈ মটৰচাইকেলেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় সাংবাদিকগৰাকী ।

আহত সাংবাদিক গৰাকীক সংকটজনক অৱস্থাত নিশাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে চিকিৎসকে । লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নগাঁও প্ৰেছ ক্লাৱ আৰু নগাঁও ইলেকট্ৰনিক এণ্ড ডিজিটেল মিডিয়াৰ প্ৰতিনিধি উপস্থিত হৈ নগাঁৱৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় আহত ফটো সাংবাদিক ৰঞ্জিত শৰ্মাক ।

লগে লগে চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হয় আহত ৰঞ্জিত শৰ্মাক । সম্প্ৰতি নগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউতেই চিকিৎসাধীন হৈ থকা সাংবাদিক ৰঞ্জিত শৰ্মা বিপদমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে ।

লগতে পঢ়ক: Azadi Ka Amrit Mahotsav: নগাঁৱত CRPF ৰ বাস্কেট বল প্ৰতিযোগিতা

Last Updated :Aug 12, 2022, 6:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.