ETV Bharat / city

দৌল্লা পৰিয়ালৰ নতুন প্ৰজন্মৰ হাতত প্ৰদান দেৱী দৌলৰ মহা অষ্টমীৰ প্ৰসাদ

author img

By

Published : Oct 13, 2021, 9:31 PM IST

মহা অষ্টমীৰ দেৱীৰ প্ৰসাদ প্ৰদান কৰিলে দৌল্লা পৰিয়ালৰ নতুন প্ৰজন্মৰ হাতত
মহা অষ্টমীৰ দেৱীৰ প্ৰসাদ প্ৰদান কৰিলে দৌল্লা পৰিয়ালৰ নতুন প্ৰজন্মৰ হাতত

প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা এই সম্প্ৰীতিৰ নিদৰ্শনত এইবাৰ দৌল্লা পৰিয়ালৰ আন এক নতুন প্ৰজন্মই অংশ লয় । বহু বছৰ ধৰি দৌলৰ পূজাৰ ভাগ গ্ৰহণ কৰি অহা দৌল্লা পৰিয়াল জেষ্ঠ মণিৰুদ দৌল্লাৰ মৃত্যুৰ পাছত তেওঁ পাছৰ প্ৰজন্মই এইবাৰ পালন কৰে এই পৰম্পৰা ।

শিৱসাগৰ, 13 অক্টোবৰ : আস্থা আৰু ভক্তিৰ প্ৰতীক শিৱসাগৰৰ দেৱী দৌলৰ আন এক সম্প্ৰীতিৰ পৰম্পৰা আছে । প্ৰতি বছৰে দুৰ্গা পূজাৰ নৈবেদ্যৰ এক অংশ মুছলমান দৌল্লা পৰিয়াললৈ আগবঢ়াই অহা হয় । দৌল প্ৰতিষ্ঠাৰ কালৰে পৰা শিৱসাগৰৰ দৌল্লা পৰিয়ালৰ পূৰ্বপুৰুষে দেৱী দৌলত ধাক বজাই আহিছিল ।

মহা অষ্টমীৰ দেৱীৰ প্ৰসাদ প্ৰদান কৰিলে দৌল্লা পৰিয়ালৰ নতুন প্ৰজন্মৰ হাতত

যাৰ বাবে তেতিয়াৰ দিনতে দৌল্লা পৰিয়ালে দুৰ্গা পূজাৰ ভাগ লাভ কৰিছিল । পৰৱৰ্তী সময়ত দৌলত ধাক বজোৱাৰ পৰম্পৰা নাইকিয়া হ'ল যদিও দৌল্লা পৰিয়ালে পূজাৰ ভাগ পোৱাৰ পৰম্পৰা অব্যাহত থাকিল ।

বিগত সময়ছোৱাত দেৱীলৈ বুলি আগবঢ়োৱা ছাগলী দৌল্লা পৰিয়াললৈ প্ৰদান কৰা হৈছিল যদিও আজিৰ দিনত এক নৈৱেদ্যৰ শৰাই আগবঢ়াই । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা এই সম্প্ৰীতিৰ নিদৰ্শনত এইবাৰ দৌল্লা পৰিয়ালৰ আন এক নতুন প্ৰজন্মই অংশ লয় । বহু বছৰ ধৰি দৌলৰ পূজাৰ ভাগ গ্ৰহণ কৰি অহা দৌল্লা পৰিয়াল জেষ্ঠ মণিৰুদ দৌল্লাৰ মৃত্যুৰ পাছত তেওঁ পাছৰ প্ৰজন্মই এইবাৰ পালন কৰে এই পৰম্পৰা ।

দৌল্লা পৰিয়ালৰ নতুন প্ৰজন্ম মিলি বুধবাৰে দৌল উন্নয়ন সমিতিৰ পৰা দেৱীলৈ আগবঢ়োৱা অষ্টমীৰ প্ৰসাদ গ্ৰহণ কৰে । দৌল সমিতিক এই পৰম্পৰা অব্যাহত ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন প্ৰজন্মই এনে পৰম্পৰা সন্দৰ্ভত জ্ঞাত হৈ ইতিহাসক সোঁৱৰণ কৰা উচিত বুলি তেওঁ কয় ।

দৌল্লা পৰিয়ালৰ লগতে পৰম্পৰা অনুসৰি বৰপাত্ৰগোঁহাই পৰিয়াললৈ দৌল উন্নয়ন সমিতিয়ে প্ৰসাদৰ শৰাই আগবঢ়াই । ধৰ্মীয় বিশ্বাসৰ মাজত শান্তি আৰু সম্প্ৰীতিৰ শতিকা পুৰণি পৰম্পৰা এইবাৰ দুৰ্গা পূজাত নতুন প্ৰজন্মৰ দ্বাৰা আৰম্ভ হ'ল । আৰম্ভ হ'ল প্ৰেমৰ এক নতুন যাত্ৰা । এই যাত্ৰাৰ সাক্ষী হ'ল ইতিহাস ।

লগতে পঢ়কঃ বোকাখাতত বলিৰ বাবে আগবঢ়োৱা 2 ম'হ মেলি দিয়া হ'ব কাজিৰঙাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.