ETV Bharat / city

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা

author img

By

Published : Nov 4, 2020, 10:50 AM IST

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত এটা অবৈধ চাৰ্টিফিকেট আৰু ছিল বনোৱা কাৰখানা । ঘটনা সন্দৰ্ভত আপত্তিজনক সামগ্ৰীসহ গ্ৰেপ্তাৰ দুজন ।

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা
ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা

ধুবুৰী, 4 নৱেম্বৰ : ধুবুৰীৰ ভিন্ন অঞ্চলত আৰক্ষীৰ সফল অভিযানত উৎখাত হ'ল অবৈধ প্ৰমাণ পত্ৰ আৰু ছিলৰ কাৰখানা । গোপনীয়ভাৱে কম্পিউটাৰৰ জৰিয়তে একাংশই চলাইছিল অবৈধ প্ৰমাণ পত্ৰ আৰু অবৈধ ছিলৰ ব্যৱসায় ।

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা
আৰক্ষীৰ অভিযানত জব্দ হোৱা সামগ্ৰীখিনি

ধুবুৰী আৰক্ষীৰ গোপন অভিযানত উৎখাত হয় এইটো অবৈধ প্ৰমাণ পত্ৰ আৰু ছিলৰ কাৰখানা । আৰক্ষীৰ অভিযানত জব্দ লেপটপকে ধৰি প্ৰিণ্টাৰ আৰু বহু পৰিমাণৰ অবৈধ ছিল আৰু বিশেষ প্ৰমাণ পত্ৰৰ লগতে প্ৰমাণ পত্ৰ বনোৱা পেপাৰ । এই চক্ৰৰ সৈতে জড়িত থকা দুজন লোকক আটক কৰি অধিক তথ্য উদঘাটনৰ বাবে জেৰা চলাইছে আৰক্ষীয়ে ।

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা
ঘটনাৰ সৈতে জড়িত থকা ধৃত লোকদুজন

ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত পৰা লোকদুজন আগমনি কালডোৱা অঞ্চলৰ মফিদুল ইছলাম আৰু ধুবুৰীৰ হালগৰা অঞ্চলৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : নেপাল সেনাৰ সন্মানীয় সেনাপ্ৰধানৰ দায়িত্বত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.