ETV Bharat / city

জালিয়াতি কৰি ৰঙা ঘৰৰ আলহী হ’ল জিয়াবুৰ আৰু লিয়াকত

author img

By

Published : Aug 19, 2021, 3:34 PM IST

ৰূপহীহাটৰ জুৰীয়াত ভয়ংকৰ জালিয়াতি ৷ জালিয়াতি কৰি ৰঙা ঘৰৰ আলহী হ’ল জুৰীয়াৰ ধিংবাৰীৰ দুই যুৱক ৷ আটকাধীন দুই যুৱকৰ বিৰুদ্ধে অভিযোগ, গাঁওবুঢ়াৰ চহী জালিয়াতিৰে দীৰ্ঘদিনৰ পৰা সংগ্ৰহ কৰি আহিছিল অৰ্থ ৷

two frod men arresterd at rupohihat
ৰূপহীহাটৰ জুৰীয়াত ভয়ংকৰ জালিয়াতি

ৰূপহীহাট,19 আগষ্ট: দুৰ্নীতি ! দুৰ্নীতি অসমৰ বাবে কোনো নতুন কথা নহয় ৷ দুৰ্নীতিৰ আৰু প্ৰহসনে শিপা মেলিছে ৰাজ্যত ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰা চৰকাৰৰ দিনতে পোহৰলৈ আহিছে ৰাজ্যত সংঘটিত হোৱা বিভিন্ন দুৰ্নীতিৰ তথ্য ৷

কি জলসিঞ্চন বিভাগ, কি শিক্ষা বিভাগ, কি চৰকাৰী আঁচনি, সকলোতে এতিয়া পৰিলক্ষিত হৈছে কেৱল দুৰ্নীতিৰ পাহাৰ ৷ ইফালে দুৰ্নীতি তথা অপৰাধৰ বিৰুদ্ধে সস্তম হৈছে ৰাজ্যৰ প্ৰশাসনৰ লগতে আৰক্ষী ৷ কিন্তু তথাপিও যেন থমকি ৰোৱা নাই এইসমূহ অপৰাধীয়ে ৷

ৰূপহীহাটৰ জুৰীয়াত ভয়ংকৰ জালিয়াতি

লগতে পঢ়ক: কাম নকৰাকৈয়ে কাৰ পকেটত সোমাল ৪৫ লক্ষাধিক টকা !

যিকোনো অপৰাধ সংঘটিত কৰিবলৈয়ো যেন অপৰাধীয়ে এতিয়া নকৰে কুণ্ঠাবোধ ৷

শেহতীয়াকৈ অপৰাধজনীত আন এক ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ জুৰীয়াত ৷ অভিযোগ অনুসৰি, ৰূপহীহাটৰ জুৰীয়াত দুই যুৱকে গাঁওবুঢ়াৰ চহী জালিয়াতিৰে বহু দিনৰ পৰা অনৈতিকভাৱে সংগ্ৰহ কৰি আহিছে অৰ্থ ৷ এই অভিযোগৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে ৰুজু কৰিলে এটা গোচৰ ৷

তাৰ পাচতেই বৃহস্পতিবাৰে আৰক্ষীয়ে তৎকালীন ভাৱে চলালে এক অভিযান ৷ এই অভিযানত আৰক্ষীয়ে জালিয়াতিৰে প্ৰস্তুত কৰা ছীল মোহৰ, বিভিন্ন প্ৰমাণ পত্ৰ আৰু দলিল আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত জুৰীয়াৰ ধিংবাৰীৰ পৰা জিয়াবুৰ ৰহমান আৰু লিয়াকত আলী নামৰ দুই যুৱকক আটক কৰে ৷

লগতে পঢ়ক: কি চলে Indian Red Cross Society ৰ ভিতৰচ’ৰাত ?

জানিব পৰা মতে, শালপাৰাৰ গাঁওবুঢ়া আব্দুল গফুৰ, সোনাইবেৰা পামৰ গাঁওবুঢ়া মুকুট আহমেদ আৰু ধিং গাঁৱৰ গাঁওবুঢ়া আব্দুল হামিদৰ চহী জালিয়াতি কৰিছিল দুই অভিযুক্তই । ইতিমধ্যে তিনিও গৰাকী গাঁওবুঢ়াই ধৃত দুই অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ । ইফালে গাঁওবুঢ়াৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত দুজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷

লগতে পঢ়ক: বিলাসীপাৰাত বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.