ETV Bharat / state

কি চলে Indian Red Cross Society ৰ ভিতৰচ’ৰাত ?

author img

By

Published : Aug 16, 2021, 10:13 AM IST

ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি(Indian Red Cross Society)ৰ বিৰুদ্ধে দুৰ্নীতি(Corruption)ৰ অভিযোগ যোৰহাটৰ এজন নিবনুৱা যুৱকৰ ৷ ৰেড ক্ৰছ ছ’চাইটি গুৱাহাটী শাখাৰ সম্পাদকৰ পদৰ বাবে পৰীক্ষা দিয়াৰ পিছতো যুৱকজনে লাভ নকৰিলে চাকৰি ৷ পদটোত ছ’চাইটিৰ মেনেজিং ব’ৰ্ডৰ সদস্যকে নিয়োগ কৰাৰ অভিযোগ যুৱকজনৰ ৷

complain against indian red cross society
ইণ্ডিয়ান ৰেড ক্ৰছ ছ’ছাইটিৰ বিৰুদ্ধে অভিযোগ

যোৰহাট, 16 আগষ্ট : দেশৰ এটা আগশাৰীৰ প্ৰতিষ্ঠান হৈছে ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি(Indian Red Cross Society) ৷ এই প্ৰতিষ্ঠানটোৱে বিপদৰ সময়ত প্ৰতিগৰাকী ব্যক্তিৰ কাষত থিয় দিয়ে । কিন্তু এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সৰৱ হৈ দুৰ্নীতি(Corruption)ৰ অভিযোগ তুলিছে যোৰহাটৰ এজন যুৱকে ।

মৃগাংকু বাহক নামৰ যুৱকজনৰ অভিযোগ অনুসৰি, বিগত 27 জুনত ইণ্ডিয়ান ৰেড ক্ৰছ ছ’চাইটি গুৱাহাটী শাখাৰ সম্পাদকৰ পদৰ বাবে আসাম ট্ৰিবিউন আৰু প্ৰতিদিন কাকতত বিজ্ঞাপন দিয়া হৈছিল । সেইমৰ্মে পদটোৰ বাবে আবেদন কৰিছিল যুৱকজনে । ইয়াৰ পাচতে 10 জুলাইত ছ’চাইটিৰ পৰা মেইলযোগে কলিং লেটাৰ আহিছিল যুৱকজনৰ ।

লগতে পঢ়ক : ক’ভিডত স্বামীহাৰা বিধৱাই লাভ কৰিলে চৰকাৰী সাহায্য

আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবে যুৱকজনৰ ভিডিঅ’ কনফাৰেন্সযোগে সাক্ষাৎকাৰ লয় ছ’চাইটিৰ মেনেজিং ব’ৰ্ডে ৷ যুৱকজনে দাবী কৰিছে যে, মেনেজিং কমিটিৰ সদস্যই সাক্ষাৎকাৰ লোৱাৰ পিছতো কেনেকৈ সেই ব’ৰ্ডৰ আন এজনক সম্পাদক পদত নিয়োগ কৰিব পাৰে ? নিবনুৱাসকলৰ লগত কিয় ৰেডক্ৰছে ল’ৰা-ধেমালি কৰিলে ? যিহেতু ৰেডক্ৰছৰ সভাপতি হৈছে খোদ ৰাজ্যপাল ।

ইণ্ডিয়ান ৰেড ক্ৰছ ছ’ছাইটিৰ বিৰুদ্ধে অভিযোগ

কিন্তু তাৰ পাচতো কিয় এনে ঘটনা সংঘটিত হৈছে বুলি যুৱকজনে প্ৰশ্ন উত্থাপন কৰে ৷ ঘটনাৰ উচিত তদন্তৰ বাবে ইতিমধ্যে যুৱকজনে 10 আগষ্টত গুৱাহাটীস্থিত ক্ৰাইম ব্ৰাঞ্চত ৰেডক্ৰছৰ বিৰুদ্ধে এক অভিযোগনামা দাখিল কৰে ৷ শীঘ্ৰে ছ’চাইটিটোৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে মৃগাংকু বাহকে ৷

যুৱকজনৰ অন্য এক অভিযোগ অনুসৰি, ৰেডক্ৰছ নামৰ প্ৰতিষ্ঠানটোত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি দাবী কৰাৰ পাচতে এই দুৰ্নীতি ঢাকিবলৈ মেনেজিং ব’ৰ্ডৰ সদস্যক সেই পদটোত যোগদান কৰোৱা হৈছে ৷

লগতে পঢ়ক : স্বাধীনতা দিৱস পালন কৰি আত্মজাহৰ ভাবুকি কাউৰজাহীবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.