ETV Bharat / city

থানাৰ সমীপতে চুৰি কৰি অৱশেষত আইচক্ৰীমেৰে পেটপূজা চোৰৰ

author img

By

Published : Aug 24, 2022, 8:10 PM IST

Thief ate ice cream after theft
Thief ate ice cream after theft

লুটপাতৰ শেষত দোকানত থকা আইচক্ৰীম খাই গা জুৰ পেলালে চোৰে (Thief ate ice cream after theft) ৷ যোৱা নিশা চোৰৰ দলে ননৈ আৰক্ষী চকীৰ সমীপৰ মুদৈ ভাণ্ডাৰ আৰু অসম চিল্ক হাউছ নামৰ দোকান দুখনত লুটপাত চলায় (Theft near police station) ।

নগাঁও, 24 আগষ্ট: কিছুদিন আগলৈকে এনকাউন্টাৰৰ ঘটনাৰে চৰ্চাৰ শীৰ্ষত থকা নগাঁও আৰক্ষীক চেলেঞ্জ চোৰৰ (Thief challenged Nagaon police) ৷ ননৈ আৰক্ষী থানাৰ সমীপতে দুখনকৈ দোকানৰ শ্বাটাৰ ভাঙি ওৰে নিশা চোৰে চলালে চাফাই অভিযান । পিছে স্মাৰ্ট আৰক্ষীয়ে গমেই নাপালে চুৰিকাণ্ডৰ বিষয়ে (Theft near police station) । যোৱা নিশা চোৰৰ দলে ননৈ আৰক্ষী চকীৰ সমীপৰ মুদৈ ভাণ্ডাৰ আৰু অসম চিল্ক হাউছ নামৰ দোকান দুখনত লুটপাত চলায় ।

থানাৰ সমীপতে চুৰি কৰি আইচক্ৰীমেৰে পেটপূজা চোৰৰ

চোৰো কম নহয়, লুটপাতৰ শেষত দোকানত থকা আইচক্ৰীম খাই গা জুৰ পেলালে চোৰে (Thief ate ice cream after theft) ৷ হয়ো দিয়কচোন, এই হেন গৰমত শ্বাটাৰ ভঙাৰ পৰা বয়-বস্তু টোপোলা বন্ধালৈকে সকলো কৰোতে ঘামৰ জোল বৈ যায় ৷ সেয়ে আইচক্ৰীম খাই নিশাটোলৈ চুৰি কাৰ্যৰ যৱনিকা পেলালে চোৰে (Theft in Nagaon)৷

পূৰ্বে বহু কুখ্যাত অপৰাধীৰ বাবে ত্ৰাস হৈ পৰা নগাঁও আৰক্ষীক (Nagaon police against crime) বৰ্তমান সাধাৰণ চোৰ-ডকাইতেও কেৰেপ নকৰা কাৰ্যই যেন নগাঁও আৰক্ষীৰ ব্যৰ্থতাক উদঙাই দেখুৱাইছে । এই কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে ৷

স্মৰ্তব্য যে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে পূৰ্বে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছিল (Nagaon police anti drug operation) যদিও শেহতীয়াকৈ জিলাখনত ড্ৰাগছৰ প্ৰচলনো বৃদ্ধি পোৱা বুলিও চৰ্চিত হৈছে সচেতন মহলত (Drugs smuggling in Nagaon) । যাক লৈ উদ্বিগ্ন হৈ পৰিছে সচেতন নাগৰিক ।

লগতে পঢ়ক: অৰুণাচল সীমান্তত হাতী দাঁতসহ আটক চোৰাং ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.