ETV Bharat / city

Mob Lynching in Assam: পুনৰ চৰ্চালৈ আহিছে নীল-অভি হত্যাকাণ্ড

author img

By

Published : Nov 30, 2021, 7:27 PM IST

Updated : Nov 30, 2021, 7:43 PM IST

সোমবাৰে যোৰহাটত ট্ৰাক ষ্টেণ্ডৰ সমীপত এটি দুৰ্ঘটনাৰ বাবে জগৰীয়া কৰি কেইজনমান যুৱকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰি হত্যা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ এজন নিষ্ঠাৱান কৰ্মী অনিমেশ ভূঞাক (Mob lynching in Assam) ৷ এনে এক বৰ্বৰ কাণ্ডৰ গৰিহণা দি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপমণি বড়াই মন্তব্য প্ৰকাশ কৰিছে ৷ লগতে এই ঘটনাৰ পাচতে সমগ্ৰ ৰাজ্যতে দেশ কঁপাই যোৱা ডকমকাৰ নীল, অভি হত্যাকাণ্ডৰ প্ৰসংগ (Abhi-Neel lynching case) পুনৰ চৰ্চালৈ আহিছে ৷

mob-lynching-in-jorhat
পুনৰ চৰ্চালৈ আহিছে নীল-অভি হত্যাকাণ্ড

নগাঁও, 30 অক্টোবৰ : সোমবাৰে এক জঘন্য ঘটনাৰ সাক্ষী হৈ ৰ’ল যোৰহাট চহৰ ৷ দিন দুপৰতে চহৰখনত মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল এজন যুৱকক (Mob lynching in Jorhat) । যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা । এনে এক বৰ্বৰ কাণ্ডৰ গৰিহণা দি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি(Nagaon AJYCP reaction to mob lynching)ৰ সভাপতি দ্বীপমণি বড়াই কয় যে এগৰাকী ছাত্ৰ নেতাক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই যোৰহাট আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে । লগতে এই ঘটনাৰ পাচতে সমগ্ৰ ৰাজ্যতে দেশ কঁপাই যোৱা ডকমকাৰ নীল, অভি হত্যাকাণ্ডৰ প্ৰসংগ (Abhi-Neel lynching case) পুনৰ চৰ্চালৈ আহিছে ৷ বিগত তিনিটা বছৰ ধৰি নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত চলি আছে ৷

mob-lynching-in-jorhat
পুনৰ চৰ্চালৈ আহিছে নীল-অভি হত্যাকাণ্ড

ইতিমধ্যে 29 নৱেম্বৰ তাৰিখে যোৰহাটত সংঘটিত হোৱা অনুৰূপ ঘটনাই কঁপাইছে সমগ্ৰ ৰাজ্য । যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা । উল্লেখযোগ্য যে, এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে চহৰখনত সৃষ্টি হয় তীব্ৰ উত্তেজনা (Tension Prevail in Jorhat) । জানিব পৰা মতে দুৰ্ঘটনাৰ বাবে জগৰীয়া কৰি কেইজনমান যুৱকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰি হত্যা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ এজন নিষ্ঠাৱান কৰ্মী অনিমেশ ভূঞাক (AASU leader Animesh Bhuyan) ৷ অনিমেশ ভূঞা সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদকৰ দায়িত্বত আছিল ৷

mob-lynching-in-jorhat
Jorhat Mob lynching

জানিব পৰা মতে, এই ঘটনাৰ পিছত সমগ্ৰ যোৰহাট জিলা প্ৰশাসনৰ লগতে কঁপি উঠিছে আৰক্ষী বিভাগৰ লোক । সাংবাদিক এজনে জনোৱা মতে, চহৰখনৰ মাজৰে তেওঁলোকক মৰিয়াই মৰিয়াই লৈ গৈছিল যুৱকৰ দলটোৱে । ইতিমধ্যে যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত Case 2620 IPC 147/148/149/326/302/ নম্বৰৰ এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে যোৰহাটৰ গণ প্ৰহাৰৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস আৰু নিৰজৰ ভাতৃ ভাইটী দাসকে(Jorhat mob lynching main accused arrested) ধৰি 13 জন লোকক ৷

লগতে পঢ়ক : Mob Lynching in Jorhat: ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

লগতে অনিমেষ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালত(Trial at Fasttrack Court)ৰ জৰিয়তে সম্পন্ন কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে । লগতে এই ঘটনাৰ পিছতে গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ জানিব পৰা মতে, ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে চৌবিশ ঘন্টা সময় বান্ধি দিছে আছুৱে । দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে যোৰহাট স্তব্ধ কৰি দিয়া হ’ব বুলিও হুংকাৰ দিছে সংগঠনটোৱে(AASU demands joustice for Animesh Bhuyan)।

উল্লেখযোগ্য যে, সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ ২০১৮ চনৰ ৮ জুন তাৰিখে কেইটামান নৰ পিশাসৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক - নিলোৎপল দাস আৰু অভিজিত নাথে । 2018 বৰ্ষৰ পৰা বৰ্তমানলৈকে চলি আছে বিচাৰ প্ৰক্ৰিয়া ৷ এতিয়া কেৱল অপেক্ষা গোচৰটোৰ শেষ ৰায়দানলৈ । প্ৰশ্ন মাথো এটাই, কি হ'ব দেশ কপোৱা নীল-অভি হত্যাকাণ্ডত জড়িত দোষীৰ শাস্তি ?

লগতে পঢ়ক : Mob Lynching in Jorhat: পোন্ধৰ দিনৰ ভিতৰত চাৰ্জচিট দাখিল কৰিব আৰক্ষীয়ে

Last Updated : Nov 30, 2021, 7:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.