ETV Bharat / city

ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আস্থা নাই চৰকাৰৰ: গৌৰৱ গগৈ

author img

By

Published : Jul 3, 2021, 6:28 PM IST

হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সন্দৰ্ভত ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ (Gaurav Gogoi)৷ অন্য ৰাজ্যত বিধান সভা নিৰ্বাচন হোৱাৰ পিছতো পৰীক্ষা সময়মতেই অনুষ্ঠিত কৰিব পাৰিলে। কিন্তু অসমত কিয় নোৱাৰিলে বুলি চৰকাৰক প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে ৷

A_KLBR_Jul_mp-gaurab-gogoi-reaction-on-hs-and-hslc-exam_Vis_ASC10014
ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আস্থা নাই চৰকাৰৰ: গৌৰৱ গগৈ

কলিয়াবৰ, 3 জুলাই : নগাঁও জিলাৰ কলিয়াবৰৰ শালনা চিমনা বস্তিৰ ৰাষ্ট্ৰীয় শ্বহীদ বিৰ বিৰচা মুণ্ডা ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASA))ৰ ২৫ সংখ‍্যক প্ৰতিষ্ঠা দিৱস ৷ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi) । কাৰ্যসূচীত শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পন কৰি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডা ভৱনৰ নামত সাংসদ পুঁজিৰ পৰা সাহাৰ্য আগবঢ়াব বুলি প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi)।

ইফালে উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰি হাইস্কুল (HSLC) আৰু উচ্চতৰ মাধ্যমিকৰ (HS) চুড়ান্ত পৰীক্ষা ফলাফলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ ক্ষুৰধাৰ সমালোচনা সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi)। চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা হ'লে নিৰ্বাচনৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন । অন্য ৰাজ্যত বিধান সভা নিৰ্বাচন হোৱাৰ পিছতো পৰীক্ষা সময়মতেই অনুষ্ঠিত কৰিব পাৰিলে । কিন্তু অসমত কিয় নোৱাৰিলে বুলি চৰকাৰক প্ৰশ্ন কৰে ৷

ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আস্থা নাই চৰকাৰৰ: গৌৰৱ গগৈ

আন আন ৰাজ্যত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ ফেব্ৰুৱাৰী, মাৰ্চ মাহৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰিলে ৷ কিন্তু অসম চৰকাৰৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি কোনো গুৰুত্ব নাই বুলি বিজেপি চৰকাৰ খনক তীব্ৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi) ৷

ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰে যিদৰে আস্থাত ল'ব লাগিছিল সেইধৰণে দেখা পোৱা নাই । অসমৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ক্ষেত্ৰত অন্য ৰাজ্যসমূহ যথেষ্ট আগবাঢ়ি গৈছে কিন্তু অসমত বৰ্তমানে চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ যথেষ্ট প্ৰশ্ন উঠিছে বুলি সাংবাদিকৰ আগত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । ইফালে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) লগতে বড়ো ছাত্ৰ সন্থাই (ABSU) হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ ক্ষুৰধাৰ সমালোচনা কৰিছে ৷ শীঘ্ৰে শিক্ষা বিভাগ তথা উচ্চস্তৰীয় কমিটীয়ে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে সংগঠনকেইটাই ৷

লগতে পঢ়ক-চৰকাৰৰ দায়িত্বহীনতা: স্থানীয় লোকে মেৰামতি কৰিলে ভগ্ন মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.