ETV Bharat / city

নগাঁৱত অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতি হস্ত-তাঁত বস্ত্ৰ মেলাৰ আয়োজন

author img

By

Published : Mar 29, 2022, 10:35 PM IST

Updated : Mar 30, 2022, 7:04 AM IST

assamese-language-controversy
নগাঁৱত অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতি অনুষ্ঠিত হস্ত তাঁত বস্ত্ৰ মেলা

নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হৈছে এখন হস্ত-তাঁত বস্ত্ৰ মেলা । পিছে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতি অসম চৰকাৰে অনুষ্ঠিত কৰিছে এই হস্ত-তাঁত বস্ত্ৰ মেলা (Insult to Assamese language)। যাৰ ফলত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনে ।

নগাঁও, 29 মাৰ্চ : পুনৰ ৰাজ্যত অসমীয়াক লৈ সৃষ্টি হৈছে অসমীয়া ভাষা বিতৰ্ক (Assamese Language controversy) ৷ শেহতীয়াকৈ অসমীয়া ভাষাৰ একপ্ৰকাৰ শ্ৰাদ্ধ পাতি নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালীত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ এখন হস্ত-তাঁত বস্ত্ৰ মেলা (Insult to Assamese language)। মেলাখনত ব্যৱহৃত বেছিভাগ ফলকত অসমীয়া ভাষা ব্যৱহাৰৰ বিপৰীতে ইংৰাজী ভাষা ব্যৱহাৰ হয় ৷ পিছে যি দুই এক ফলক অসমীয়াত লিখা হৈছে, তাতো বাৰে পাচি বানান ভুল ৷ খোদ চৰকাৰী বিভাগেই ভুলকৈ অসমীয়া ভাষা লিখি একপ্ৰকাৰ ভেঙুচালি কৰিলে অসমীয়া ভাষাক ।

নেহেৰুৱালীত অনুষ্ঠিত এই হস্ত-তাঁত বস্ত্ৰ মেলাৰ বিপনীত খোদ অসম চৰকাৰৰ হস্ত-তাঁত বস্ত্ৰ বিভাগে অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা ব্যৱহাৰ কৰা বিষয়টোয়েও সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ । আনকি হস্ত-তাঁত বস্ত্ৰ মেলাৰ মূল তোৰণ আৰু কাৰ্যালয়ত অসমীয়া ভাষাত থকা ফলককেইখনতো বাৰে পাচি বানান ভুল ৷

নগাঁৱত অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতি অনুষ্ঠিত হস্ত-তাঁত বস্ত্ৰ মেলা

অসম চৰকাৰৰ এটা দায়িত্বশীল বিভাগে কৰা এনে কাণ্ডৰ বিৰুদ্ধে সম্প্ৰতি জাঙুৰ খাই উঠিছে নগাঁৱৰ বিভিন্ন দল সংগঠন । চৰকাৰী বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডক গৰিহণা দিছে অসম ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । অসমীয়া ভাষাৰ একপ্ৰকাৰ শ্ৰাদ্ধ পাতি হস্ত-তাঁত বস্ত্ৰ মেলাৰ আয়োজন কৰা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰে অসম ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতা কাশ্যপ ফুকনে ।

অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বিপৰীতে ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ উপৰিও অসমীয়া ভাষাৰ বানান ভুলেৰে হস্ত-তাঁত বস্ত্ৰ মেলা অনুষ্ঠিত কৰা কাৰ্যক ধিক্কাৰ দিছে নগাঁৱৰ সচেতন মহলেও । লগতে খোদ অসমতে অসমীয়া ভাষাৰ এই অৱস্থাই চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

লগতে পঢ়ক : বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন : অমিত শ্বাহ

Last Updated :Mar 30, 2022, 7:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.