ETV Bharat / city

বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে চামগুৰিৰ ভিন্ন অঞ্চলৰ ৰাইজৰ

author img

By

Published : Jun 25, 2021, 8:42 PM IST

forest worker oparation on elephant remove in samoguri
বন্যহস্তী খেদিবলৈ চামগুৰিত বন বিভাগৰ অভিযান

বন্যহস্তীৰ উপদ্ৰৱত আতংকিত নগাঁৱৰ গঞা ৰাইজ । চামগুৰিৰ পদুমনি, দিল্কাবস্তিত আতচবাজী ফুটাই হাতী খেদিলে উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইজনমান বনৰক্ষীয়ে ।

চামগুৰি, 25 জুন : মধ্য অসমত বনৰীয়া হাতীৰ আতংকই সাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বন্যহস্তী খেদিবলৈ চামগুৰিত দোভাগনিশা বন বিভাগে চলালে অভিযান ৷ চামগুৰিৰ পদুমনি, দিল্কাবস্তিত আতচবাজী ফুটাই হাতী খেদিলে উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইজনমান বনৰক্ষীয়ে ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পুৱাৰে পৰা পদুমনিৰ এখন হাবিত অৱস্থান গ্ৰহণ কৰিছিল তিনিটাকৈ বন্যহস্তীয়ে । যাৰ বাবে বাৰুকৈয়ে আতংকগ্ৰস্ত হৈ পৰিছিল অঞ্চলবাসী । কিয়নো চলিত সপ্তাহতে বন্যহস্তী কেইটাই বিস্তৰ ক্ষতি সাধন কৰিছিল শিক্ষানুষ্ঠানকে আদি কৰি আন কেইবাজনো স্থানীয় লোকৰ বাসগৃহ, খাই তহিলং কৰিছিল ভঁৰালৰ ধান ।

বন্যহস্তী খেদিবলৈ চামগুৰিত বন বিভাগৰ অভিযান

সেইবাবেই বৃহস্পতিবাৰৰ দিনটোত অঞ্চলটোত বনৰীয়া হাতীয়ে অৱস্থান তথা মুকলি বিচৰণ কৰা দেখি আতংকিত ৰাইজে বন বিভাগক খবৰ দিয়ে ৷ বন বিভাগৰ এটা দলে বিয়লিৰ পৰা দোভাগ নিশা পৰ্যন্ত হাতী কেইবাটা কাৰ্বি পাহাৰৰ দিশে খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও ঘোৰ আন্ধাৰৰ বাবে ব্যৰ্থ হয় বনকৰ্মীয়ে ৷ জানিব পৰা মতে, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বহু দিনৰে পৰা বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত আছে ৷

খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাইছে নগাঁও জিলাৰ ভৈয়ামৰ জনাঞ্চলত ৷ উল্লেখ্য যে নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালি আৰু উদমাৰি, পদুমনি, দিল্কাবস্তিত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ উল্লেখ্য যে, 13 মে' তাৰিখে নগাঁও জিলাৰ বামুণী পাহাৰত 18 টাকৈ হাতীৰ মৃত্যুত প্ৰকৃতি প্ৰেমীৰ লগতে সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

লগতে পঢ়ক : ২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.