ETV Bharat / city

কিয় 4 বজালৈ কাম কৰিব লগা হৈছে চাহ বাগানৰ শ্ৰমিকসকল ?

author img

By

Published : May 15, 2021, 10:16 PM IST

কিয় 4 বজালৈ কাম কৰিব লগা হৈছে চাহ বাগানৰ শ্ৰমিকসকল ?
কিয় 4 বজালৈ কাম কৰিব লগা হৈছে চাহ বাগানৰ শ্ৰমিকসকল ?

ৰাজ্য চৰকাৰে বলৱৎ কৰা ক’ভিডৰ নীতি নিয়মক গুৰুত্ব দিয়া নাই নগাঁও জিলাৰ একাংশ চাহ বাগানৰ কৰ্তৃপক্ষৰ লগতে মালিক সকলে ৷ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে দিনৰ 4 বজালৈ কাম কৰিব লগা হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আদিবাসী জাতীয় মহাসংঘৰ ৰাজ্যিক সভাপতি বীৰেন মিৰ্ধা

বঢ়মপুৰ, 15 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ক'ভিড-19 এ ৷ চৰকাৰে ক'ভিড মহামাৰীৰ বাবে দিয়া নতুন নীতি নিৰ্দেশনাই চুব পৰা নাই নগাঁও জিলাৰ বিভিন্ন চাহ বাগানৰ অঞ্চলত ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি চৰকাৰী বে-চৰকাৰী কাৰ্যালয় ১৫ দিনৰ বাবে বন্ধ ৰখাৰ লগতে নগৰ অঞ্চলত দিনৰ ১ বজাত আৰু গ্ৰামাঞ্চলত দিনৰ ২ বজাত দোকান পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে ৷

কিয় 4 বজালৈ কাম কৰিব লগা হৈছে চাহ বাগানৰ শ্ৰমিকসকল ?

যদিও চাহ বাগানত দিনৰ চাৰি বজালৈ কাম কৰিবলৈ বাধ্য কৰাইছে বাগানৰ শ্ৰমিক সকলক ৷ যাৰ মুনাফা লাভ কৰিছে চাহ বাগানৰ কৰ্তৃপক্ষৰ লগতে মালিক সকলে ৷ "চাহ বাগান অঞ্চলত কৰ’ণাৰ সংক্ৰমণ সংক্ৰমণ নহয় নেকি ? কিয় ২ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য নহয় বাগান অঞ্চলত ৷ কিয় দিনৰ চাৰি বজালৈকে বাগানত কাম কৰিব লগা হয় শ্ৰমিক সকলে ?" এই গুৰুত্বপূৰ্ন অভিযোগ উত্থাপন কৰিছে আদিবাসী জাতীয় মহাসংঘৰ ৰাজ্যিক সভাপতি বীৰেন মিৰ্ধাই ৷

নগাঁৱৰ কঠিয়াতলী কন্দলী চাহ বাগানত বৰ্তমানো কাৰ্যকৰী হোৱা নাই চৰকাৰৰ ক'ভিডৰ নতুন নীতি নিৰ্দেশনা ৷ চৰকাৰ প্ৰশাসন কঠোৰ হৈছে যদিও বাগান অঞ্চলত বৰ্তমানো হাজাৰ হাজাৰ শ্ৰমিকে বিয়লী চাৰি বজালৈ কাম কৰিব লগা হৈছে বাগানত ৷ এই ক্ষেত্ৰত চৰকাৰ, স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক কঠোৰ হবলৈ আহ্বান জনাইছে আদিবাসী জাতীয় মহাসংঘৰ ৰাজ্যিক সভাপতি বীৰেন মিৰ্ধাই ৷

লগতে পঢ়ক : নতুন মুখেৰে সাজু মুখ্যমন্ত্ৰীৰ সচিবালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.