ETV Bharat / city

Assam Government's paddy procurement process : মধ্যভোগীৰ পৰিৱৰ্তে পোনে পোনে চৰকাৰক ধান বিক্ৰী কৰিলে কৃষকে

author img

By

Published : Jan 21, 2022, 2:23 PM IST

Assam-government-to-directly-buy-peddy-from-farmers
মধ্যভোগীৰ পৰিৱৰ্তে পোনে পোনে চৰকাৰক ধান বিক্ৰী কৰিলে কৃষকে

বিগত বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা চৰকাৰৰ অসমৰ কৃষকসকলৰ পৰা ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হৈছে (Assam Government's paddy procurement process ) ৷ বৃহস্পতিবাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে চৰকাৰে অসমৰ কৃষকৰ পৰা প্ৰতি কুইণ্টল 1,940 টকা দৰত দহ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বুলি সংবাদমাধ্যমৰ আগত জনায় ৷

নগাঁও, 21 জানুৱাৰী : বছৰৰ পিছত বছৰ ধৰি অসমৰ কৃষকক মধ্যভোগীৰ মাধমাৰ ৷ মধ্যভোগীৰ দপদপনিৰ বাবেই অসমৰ কৃষকে নাপায় ধানৰ উচিত মূল্য ৷ পিছে এতিয়াৰে পৰা কৃষকক শোষণ কৰিবলৈ সুযোগ নাপাব মধ্যভোগীয়ে ৷ বিগত বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে অসমৰ কৃষকসকলক মধ্যভোগী, দালালৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী পৃষ্ঠপোষকতাত ধান ক্ৰয়ৰ অভিযান আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে (Assam Government's paddy procurement process) ।

মধ্যভোগীৰ পৰিৱৰ্তে পোনে পোনে চৰকাৰক ধান বিক্ৰী কৰিলে কৃষকে

এইবছৰ ছটাকৈ চৰকাৰী সংস্থাই অসমৰ কৃষকৰ পৰা 10 লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিব বুলি জানিব পৰা গৈছে ৷ এই ছয়টা সংস্থাকেইটাক চৰকাৰে অসমত ধান ক্ৰয় কৰাৰ বাবে নিয়োগ কৰিছে ৷ ইতিমধ্যে চৰকাৰে নিয়োগ কৰা ৬ টাকৈ সংস্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুশ টাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে ৷

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন, খাদ্য আৰু অসমাৰিক যোগান আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে চৰকাৰে অসমৰ কৃষকৰ পৰা প্ৰতি কুইণ্টল 1,940 টকা দৰত দহ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বুলি সংবাদমাধ্যমৰ আগত জনায় ৷ যদিও এই পৰ্যন্ত মাত্ৰ এশ মেট্ৰিকটন ধানহে বিক্ৰী কৰিছে ৰাজ্যৰ কৃষকসকলে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (Assam government to directly buy paddy from farmers) ৷

লগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ কৃষকসকলক প্ৰদান কৰা সুযোগ অসমীয়া কৃষকে ল'ব পৰা নাই বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ ইয়াৰোপৰি, সম্প্ৰতি জিলাৰ কৃষি বিভাগৰ কাৰ্য্যালয়সমূহত কৃষকৰ পঞ্জীয়ন চলি থকাৰ কথাও উল্লেখ কৰি কৃষকসকলক পঞ্জীয়ন কৰি চৰকাৰে নিয়োগ কৰা সংস্থাত ধান বিক্ৰী কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লগতে পঢ়ক : বিৰাটৰ কথাত অসন্তুষ্ট হৈ দাদাই প্ৰেৰণ কৰিব বিচাৰিছিল জাননী : মাজত আহিল জয় শ্বাহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.