ETV Bharat / city

জাগীৰোডৰ পৰা পলায়ন কৰা ২১ জনকৈ শ্ৰমিকক আটক নগাঁও আৰক্ষীৰ

author img

By

Published : May 24, 2021, 7:25 PM IST

জাগীৰোডৰ পৰা পলায়ন কৰা ২১ জনকৈ শ্ৰমিকক আটক নগাঁও আৰক্ষীৰ
জাগীৰোডৰ পৰা পলায়ন কৰা ২১ জনকৈ শ্ৰমিকক আটক নগাঁও আৰক্ষীৰ

জাগীৰোডৰ ষ্টেচনৰ পৰা পলায়ন কৰা যাত্ৰীক বিচাৰি নগাঁও আৰক্ষীৰ অভিযান ৷ 21 গৰাকীকৈ যাত্ৰীক কৰায়ত্ব কৰি মৰিগাঁও আৰক্ষীক গতালে নগাঁও আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত মৰিগাঁও থানাক গোচৰ ৰুজু ৷

নগাঁও, 24 মে' : কেৰালাৰ পৰা উভতাৰ পথত দেওবাৰে জাগীৰোডৰ পৰা পলায়ন কৰা শ্ৰমিকক বিচাৰি অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । সোমবাৰে নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰে অভিযান ।

নগাঁৱৰ জুৰীয়াৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় পলায়ন কৰা ২১ জনকৈ শ্ৰমিকক । ধৃত শ্ৰমিক কেইজনক নগাঁও আৰক্ষীয়ে ইতিমধ্যে গতাই দিয়ে মৰিগাঁও আৰক্ষীক । ক’ভিড পৰীক্ষা নকৰাকৈ বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকে পলায়ন কৰা ঘটনাই আতংকৰ সৃষ্টি কৰিছে মৰিগাঁও জিলাৰ লগতে নগাঁও জিলাতো । ঘটনা সন্দৰ্ভত জাগীৰোড আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ ।

জাগীৰোডৰ পৰা পলায়ন কৰা ২১ জনকৈ শ্ৰমিকক আটক নগাঁও আৰক্ষীৰ

ধৃত শ্ৰমিক কেইজনৰ ক’ভিড পৰীক্ষা কৰাৰ অন্তত ক’ভিড-19 ৰ অৱস্থিতি পোৱা শ্ৰমিকৰ সংস্পৰ্শলৈ অহা লোককো পৰীক্ষা কৰা হ'ব । পলায়ন কৰা শ্ৰমিকৰ সন্ধানত নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ।

উল্লেখ্য যে, কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড়লৈ যাব লগা বিবেক এক্সপ্ৰেছ নামৰ ৰে’লখনে জাগীৰোডত ৰখোৱাৰ পাছত 500 গৰাকীতকৈ অধিক যাত্ৰীয়ে কৰ’ণাৰ পৰীক্ষা নকৰাকৈ ষ্টেচনৰ পৰা পলায়ন কৰিছিল ৷

লগতে পঢ়ক : তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত অঘটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.