ETV Bharat / city

ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত টুকুৰা টুকুৰ হ’ল ট্ৰেইলাৰ

author img

By

Published : Dec 13, 2021, 3:01 PM IST

মৰিয়নিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ এখন ট্ৰেইলাৰ (Train hits trailer in Jorhat)৷ সোমবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা ৷

Train hits trailer in Jorhat
ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত টুকুৰা টুকুৰ হ’ল ট্ৰেইলাৰ

যোৰহাট, 13 ডিচেম্বৰ : যোৰহাটত যাত্ৰীবাহী ৰেল আৰু ট্ৰেইলাৰৰ মাজত সংঘৰ্ষ (Trailer and train collapse in Jorhat)৷ মৰিয়নিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ হয় ট্ৰেইলাৰখন ৷ যোৰহাটৰ গড়আলিৰ পাঞ্জাৱ ইঞ্জিনিয়াৰিঙৰ কাষত থকা এটা উন্মুক্ত ৰেল ক্ৰচিং ট্ৰেইলাৰখনে পাৰ হ’বলৈ চেষ্টা কৰোতেই ইন্টাৰচিটি এক্সপ্ৰেছখনে খুন্দা মাৰে ৷ ফলত দুটুকুৰা হয় ট্ৰেইলাৰখন ৷

Train hits trailer in Jorhat
ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত টুকুৰা টুকুৰ হ’ল ট্ৰেইলাৰ

সোমবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা (Train accident in Jorhat)৷ দুৰ্ঘটনাত ৰেলখনৰ ইঞ্জিনটোৰো ক্ষতি সাধন হয় ৷ যাৰ ফলত ইন্টাৰচিটি এক্সপ্ৰেছখনৰ যাত্ৰা বাতিল কৰে ৰেল বিভাগে ৷ অৱশ্যে এই ঘটনাত কোনোলোক হতাহত হোৱা নাই ।

লগতে পঢ়ক : ঘন কুঁৱলীৰ বাবে যোৰহাট-মাজুলী ফেৰীসেৱাত ব্যাঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.