ETV Bharat / city

Massive fire in Jorhat : যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Feb 22, 2022, 10:44 PM IST

massive-fire-in-jorhat
যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড

মঙলবাৰে যোৰহাটৰ নিউ বালিবাটত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Jorhat) ৷ ৰশ্মি চাকিল চৌধুৰীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

যোৰহাট, 22 ফেব্ৰুৱাৰী : যোৰহাটত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড (Massive fire breaks out in Jorhat) ৷ মঙলবাৰে যোৰহাটৰ নিউ বালিবাটত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ৷ চকুৰ সন্মুখতে জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰিলে এটি পৰিয়ালৰ সপোনৰ ঘৰটো ৷ লগতে এই অগ্নিকাণ্ডৰ জুইত জাহ গ’ল বহু লক্ষাধিক সম্পত্তি ৷

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড

জানিব পৰা মতে, নিউ বালিবাটৰ বাসিন্দা ৰশ্মি চাকিল চৌধুৰীৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ যাৰ ফলত ব্যস্ততাৰে ভৰা অঞ্চলটোত স্থানীয় ৰাইজৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোক সকলৰ মাজত একপ্ৰকাৰ হুৱাদুৱা সৃদশ পৰিৱেশৰ সৃষ্টি হয় ৷

এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত যোৰহাট অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ এই জুই নিৰ্বাপন কৰে ৷ ইফালে কিহৰ পৰা জুই সূত্ৰপাত হয় তাৰ প্ৰকৃতি কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Encounter at Moran: মৰাণত অসম আৰক্ষীৰ এনকাউণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.