ETV Bharat / city

ৰাইজৰ দলত যোগদান : ক্ৰমান্বয়ে শক্তিশালী হৈছে ৰাইজৰ দল

author img

By

Published : Aug 17, 2021, 12:59 PM IST

ক্ৰমান্বয়ে শক্তিশালী হৈছে ৰাইজৰ দল ৷ যি সময়ত বিধায়ক পদ এৰি বিজেপিত যোগদানৰ পৰ্ব পাতিছে ৰাজ্যৰ কিছু বিধায়কে, ঠিক তেনে সময়তে জোৱাৰ উঠিছে ৰাইজৰ দলত যোগদান কৰাৰ ৷ সোমবাৰে যোৰহাট জিলা কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী ৷

joinning programe at jorhat
ৰাইজৰ দলত যোগদান

যোৰহাট,17 আগষ্ট: ৰাজ্যত এতিয়া আৰম্ভ হৈছে দল বাগৰা ৰাজনীতি ৷ ৰাজ্যত সঘনে যি সময়ত ইটো দল এৰি সিটো দললৈ ঢাপলি মেলিছে বহু বিয়াগোম ৰাজনৈতিক নেতা সকলে ৷ বিশেষকৈ যি সময়ত ৰাজ্যত শাসনত থকা বিজেপি দললৈ বিৰোধী দলৰ একাংশ বিধায়কৰ সোঁত বৈছে, ঠিক এনে সময়তে যোৰহাটত দেখা গ’ল এক বিপৰীত ছবি ৷

এইবাৰ বিজেপি নহয়, ঢৌ উঠিছে ৰাইজৰ দলত যোগদানৰ ৷ যোৰহাটত বিজেপি, কংগ্ৰেছ আৰু বহু কেইটা ছাত্ৰ সংগঠনৰ কৰ্মীয়ে নিজ দল তথা সংগঠন ত্যাগ কৰি যোগদান কৰে ৰাইজৰ দলত ৷ উল্লেখ্য যে, সোমবাৰে ৰাইজৰ দলৰ যোৰহাট জিলাৰ সভাপতি দিব্যজ্যোতি শৰ্মাৰ চিনামৰাস্থিত বাসগৃহত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচীৰ ।

ৰাইজৰ দলত যোগদান

যোৰহাটৰ ৰাইজৰ দলৰ কাৰ্যালয়ত জিলা সভাপতি দিব্যজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এই যোগদানৰ কাৰ্যসূচী ৷

লগতে পঢ়ক: সুস্মিতা হতাশগ্ৰস্ত : ভূপেন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া

সোমবাৰৰ ৰাইজৰ দলৰ যোগদানৰ কাৰ্যসূচী অনুষ্ঠানত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল ৷ জানিব পৰা মতে, এই অনুষ্ঠানত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ শতাধিক ৰাইজে যোগদান কৰে ৰাইজৰ দলত ৷

ৰাইজৰ দলৰ লক্ষ্য, আগন্তুক নৱেম্বৰৰ 25 তাৰিখৰ ভিতৰত যোৰহাটত 25 হাজাৰ কৰ্মচাৰী যোগদান কৰিব ৰাইজৰ দলত ৷ বৰ্তমানলৈকে 15 হাজাৰ কৰ্মচাৰীয়ে যোগদান কৰিছে ৰাইজৰ দলত ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মাই ৷

ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি গৰাকীয়ে উল্লেখ কৰা অনুসৰি, চলিত মাহৰ বিগত 10 তাৰিখৰ দিনাও কুৰি শতাধিক ৰাইজে যোগদান কৰে ৰাইজৰ দলত; যাক লৈ উৎফুল্লিত সভাপতি দিব্যজ্যোতি শৰ্মা ৷ তেওঁৰ মতে, ৰাইজৰ দলৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িছে ৷ এয়া ৰাইজৰ দলৰ বাবে শুভ লক্ষণ ৷

লগতে পঢ়ক: যোৰহাটত ৰাইজৰ দলৰ বিশাল যোগদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.