ETV Bharat / city

যোৰহাটত আছুৰ আন্তঃজিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতা

author img

By

Published : Jan 7, 2022, 7:57 PM IST

inter-district-volleyball-championship-by-aasu-in-jorhat
যোৰহাটত আছুৰ আন্তঃজিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতাত ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

আছুৰ আন্তঃজিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতা (Volleyball championship by AASU) সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হৈছে যোৰহাটত ৷ উপস্থিত থাকিল মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ (AASU chief adviser Samujjal Kumar Bhattacharjya) লগতে কেন্দ্ৰীয় সমিটীৰ সভাপতি-সাধাৰণ সম্পাদক ৷

যোৰহাট, 7 জানুৱাৰী : যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হৈছে আছুৰ আন্তঃজিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতা (Inter district Volleyball championship by AASU) ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট মহকুমা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা তথা যোৰহাটবাসী ৰাইজৰ সহযোগত যুৱ ছাত্ৰনেতা নাচিৰ হুছেইন সোঁৱৰণী আছু আন্তঃজিলা স্বৰ্ণ কাপ প্ৰতিযোগিতা খন অনুষ্ঠিত হ’ব তিনিদিনীয়া কাৰ্যসূচীৰে ।

প্ৰায় ২৬ টা দলে অংশ গ্ৰহণ কৰিছে প্ৰতিযোগিতা খনত । শুকুৰবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে, শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU GS Sankor Jyoti Baruah)। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য, ৱাই.চুব্বা.ৰাও আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মিথলেশ কুমাৰ সিং।

যোৰহাটত আছুৰ আন্তঃজিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতাত ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

ইফালে, এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য (AASU chief adviser Samujjal Kumar Bhattacharjya) । ছাত্ৰ নেতা নাচিৰ হুছেইনৰ প্ৰতিচ্ছবিত মাল্যা অৰ্পণ কৰে নাচিৰ হুছেইন ৰ সহধৰ্মিনী নাৰ্জী হুছেইন চৌধুৰীয়ে ।

লগতে পঢ়ক : NEET PG ৰ কাউন্সেলিং পুনৰ আৰম্ভ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.