ETV Bharat / city

জিঅ বেগৰ চোৰাং বেহা : ব্ৰহ্মপুত্ৰ বৰ্ডৰ অবৈধ লুণ্ঠন

author img

By

Published : May 31, 2019, 4:43 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণাক আওকাণ । গাড়ীৰে জিঅ বেগ চুৰিকাৰ্যত ব্যস্ত টিকে ইঞ্জিনিয়াৰিং কোম্পানী তথা মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব'ৰ্ড ।

জিঅ বেগৰ চোৰাং বেহা : ব্ৰহ্মপুত্ৰ বৰ্ডৰ অবৈধ লুণ্ঠন

মাজুলী, ৩১ মে': মাজুলীৰ ভৌগোলিক স্থায়ী সুৰক্ষাৰ দ্বায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব'ৰ্ডে ঠিকাদাৰেৰে মিলি মাজুলী সুৰক্ষাৰ নামত অব্যাহত ৰাখিছে ব্যাপক লুণ্ঠন । এই সম্পৰ্কত চাওঁক আমাৰ এক প্ৰতিবেদন..

জিঅ বেগৰ চোৰাং বেহা : ব্ৰহ্মপুত্ৰ বৰ্ডৰ অবৈধ লুণ্ঠন

এইবাৰ ব্ৰহ্মপুত্ৰ বৰ্ড ৰ জিঅ বেগৰ চোৰাং বেহাঃ
মুখ্যমন্ত্ৰী সমষ্টিত টিকে কম্পেনিৰ ২৩৮ কোটি টকাৰ ভয়াবহ লুণ্ঠনঃ
ধোৱা চাঙত মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণাঃ
ব্ৰহ্মপুত্ৰৰ পাৰত খান্দিলেই ওলাইছে চোৰাং জিঅ বেগঃ
আছু, যুৱছাত্ৰৰ অনুসন্ধাত ওলাইছে শ শ জিঅ বেগঃ
৬ জনক আটকঃ

VO...  মাজুলীৰ ভৌগোলিক স্থায়ী সুৰক্ষাৰ দ্বায়িত্বলোৱা ব্ৰহ্মপুত্ৰ বৰ্ডে মাজুলী সুৰক্ষাৰ নামত ঠিকাদাৰেৰে মিলি অব্যাহত ৰাখিছে ব্যাপক লুণ্ঠন। মাজুলী ভকত চাপৰি গৰুখুটিত জিঅ বেগৰ ভিতৰত জিঅ বেগ ভৰাই লুণ্ঠন কৰাৰ ঘটনাৰ উত্তেজনা মাৰ নৌ যাওঁতেই  মাজুলী শালমৰাৰ পৰা জিঅ বেগ চুৰি কৰিবলৈ আহি বুধবাৰে নিশা স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠনৰ হাতত ধৰা পৰিছিল এখন ডি আই গাড়ী সহায় দুজন লোক। এই ঘটনাই সমগ্ৰ মাজুলীতে উত্তেজনা অব্যাহত থকাৰ সময়তে বৃহস্পতি বাৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শালমৰাত ব্ৰহ্মপুত্ৰ বৰ্ডে ৰূপায়ণ কৰা সুৰক্ষা আঁচনিৰ এটা বালিৰ দমত পুটি ৰখা বহু চোৰাং জিঅ বেগ উদ্ধাৰ কৰে। বৃহস্পতি বাৰে নিশা মাজুলী আৰক্ষীয়ে অভিযান চলাই শালমৰা গাঁৱৰ দাদু কলিতা নামৰ লোক জনৰ ঘৰৰ পৰা ২০০ শতাধিক জিঅ বেগ উদ্ধাৰ কৰে। মাজুলী আৰক্ষীয়ে গাড়ীৰ চালক ৰাজীৱ বৰা আৰু এগৰাকী জলসম্পদৰ ঠিকাদাৰৰ মহৰি মনোজ শইকীয়াক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰিতে বৃহস্পতি বাৰে নিশা শালমৰা গাঁৱৰ প্ৰশান্ত ভূঞা, শান্তি হাজৰিকা, বুবু বৰা, আৰু দাদু কলিতাক আটক কৰিছে। 
 এই ঘটনাৰ মুল অভিযুক্ত জলসম্পদৰ ঠিকাদাৰ বুবুল বৰা আৰু টিকে ইঞ্জিনিয়াৰিং কম্পেনিৰ কোনো লোকক আটক নকৰাত মাজুলী আৰক্ষীৰ ভূমিকাত সন্দিহান হৈ পৰিছে মাজুলীবাসী।
       মাজুলী ভকত চাপৰিত টিকে কম্পেনিয়ে ২৩৮ কোটি টকা মাজুলী সুৰক্ষাৰ আঁচনিত সংঘটিত কৰা অনীয়মৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজে সেই অঞ্চলত পৰিভ্ৰমণ কৰি তদন্তৰ কথা ঘোষণা কৰিছিল। কিন্তু ঘোষণা মুখ্যমন্ত্ৰীৰ মুখৰ কথাতে সিমাবদ্ধ থকাৰ বিপৰিতে মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণাক বুঢ়া আঙুলি দেখুৱাই গাড়ীৰে জিঅ বেগ চুৰিত লাগিল টিকে কম্পেনি। ইমানৰ পাছটো মাজুলী জিলা প্ৰশাসনৰ নিৰৱ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। মাজুলীত ব্ৰহ্মপুত্ৰ বৰ্ড ৰ স্থায়ী সুৰক্ষাৰ অভিলাষী আঁচনিত টিকে ইঞ্জিনিয়াৰিং কম্পেনিয়ে চলাইছে ভয়াবহ লুণ্ঠন। মাজুলীৰ ভৌগোলিক স্থায়ী সুৰক্ষাৰ ২৩৮ কোটি টকাৰ অভিলাষী আঁচনি এতিয়া বুমেৰাংত পৰিণত হৈছে। 
    বাইট--- 1, 2, 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.