ETV Bharat / city

জিকা ভাইৰাছৰ আতংক: এন এইছ এমৰ সতৰ্কবাণী

author img

By

Published : Nov 10, 2021, 4:41 PM IST

কৰ’ণাৰ সংহাৰ চলি থকাৰ মাজতে এইবাৰ জিকা ভাইৰাছে নতুনকৈ সৃষ্টি কৰিছে আতংকৰ । কিছুমান ৰাজ্যত অত্যাধিক হাৰত বৃদ্ধি পাইছে জিকা ভাইৰাছৰ সংক্ৰমণ । যাৰ বাবে এতিয়া অসম চৰকাৰে জিকা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

Zika Virus Outbreak
জিকা ভাইৰাছৰ আতংক

গুৱাহাটী, ১০ নৱেম্বৰ : দেশৰ বিভিন্ন ৰাজ্যত "জিকা" ভাইৰাছে একপ্ৰকাৰ আতংকময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে অসমতো আগতীয়াকৈ গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা । ইতিমধ্যে এন এইছ এমৰ তৰফৰ পৰা ৰাজ্যৰ সকলো জিলালৈ প্ৰেৰণ কৰা হৈছে সতৰ্কতামূলক বাৰ্তা । বিগত আগষ্ট মাহতে এন এইছ এমে জিলাসমূহক এই বিষয়ে সতৰ্ক কৰি দিছিল । কিন্তু শেহতীয়াকৈ "জিকা"ই বিভিন্ন ৰাজ্যত সন্ত্ৰাস সৃষ্টি কৰাৰ সময়ত পুনৰ মঙলবাৰে জিলা সমূহলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে এন এইছ এমে ।

বুধবাৰে ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে এন এইছ এমৰ যুটীয়া সঞ্চালক তথা NVBDCP ৰ SPO ৰ দায়িত্বত থকা ডাঃ হৰপাল সিং চূড়ীয়ে । তেওঁ কয় যে "আগষ্ট মাহত এন এইছ এমৰ ফালৰ পৰা সকলো জিলালৈ জিকা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হৈছিল । কিন্তু দেশৰ বিভিন্ন প্ৰান্তত সংক্ৰমণ বৃদ্ধি পোৱাত মঙলবাৰে পুনৰ জিলাসমূহক কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা ল’বলৈ কোৱা হৈছে । ইয়াৰ ভিতৰত মূলতঃ তিনিটা বিষয়ত গুৰুত্ব দিবলৈ কোৱা হৈছে জিলাসমূহক ।

Zika Virus Outbreak
জিকা ভাইৰাছৰ আতংক

এই সতৰ্কতামূলক ব্যৱস্থা অনুসৰি যদিহে বিগত বিশ দিনৰ ভিতৰত "জিকা" ভাইৰাছৰ সংক্ৰমণ চলা কোনো দেশ বা ৰাজ্যৰ পৰা কোনো লোক সেই জিলালৈ আহিছে তেন্তে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ নিৰ্দেশ দিয়া হৈছে । দ্বিতীয়তে, যদিহে যোৱা বিশ দিনৰ ভিতৰত এনে কোনো শিশুৰ জন্ম হৈছে যাৰ মূৰটো তুলনামূলকভাৱে সৰু তেন্তে তেনে শিশু আৰু মাতৃ উভয়কে স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ জিলাসমূহক কোৱা হৈছে । আনহাতে, শেহতীয়াকৈ যদি স্নায়ুজনিত ৰোগত কোনোলোক আক্ৰান্ত হৈছে তেন্তে তেনে লোকৰো স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিৰ্দেশ দিয়া হৈছে জিলাসমূহক ।"

লগতে পঢ়ক : নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.