ETV Bharat / city

বটদ্ৰৱা থানা আক্ৰমণত প্রশিক্ষণপ্রাপ্ত জেহাদী জড়িত: ৰাজ্যিক বিজেপি

author img

By

Published : May 23, 2022, 2:08 PM IST

"আৰক্ষী থানা জ্বলাই দিয়াৰ লগতে চৰকাৰী নথি-পত্ৰ আৰু অস্ত্ৰ -শস্ত্ৰ নষ্ট কৰাটো আইন মতে ৰাষ্ট্ৰদ্ৰোহী । সেয়েহে এনে লোকৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰয়োজনীয় কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত" ৷ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু সুভাষ দত্তই কৰে এই বিস্ফোৰক মন্তব্য (Trained Jehadis involved in Batadrava Police Station attack) ৷

trained-jihadists-involved-in-batdrava-police-station-attack-says-bjp
বটদ্ৰৱা থানা আক্ৰমণত প্রশিক্ষণপ্রাপ্ত জেহাদী জড়িত : ৰাজ্যিক বিজেপি

গুৱাহাটী, 23 মে' : "বর্তমান অসমত পি এফ আইৰ দৰে সংগঠনৰ সাংগঠনিক কাম কাজ বাংলাদেশীমূলৰ মুছলমান লোকৰ মাজত যথেষ্ট শক্তিশালী হৈ উঠিছে । পি এফ আয়ে আগবঢ়োৱা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত জেহাদীসকলেহে বটদ্ৰৱা থানাত আক্ৰমণ কৰিছিল" । দেওবাৰে বিজেপি ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু সুভাষ দত্তই কৰে এই বিস্ফোৰক মন্তব্য (Trained Jehadis involved in Batadrava Police Station attack ) ৷

"বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনাটো এটি সন্ত্ৰাসবাদী কাৰ্যকলাপ । এই ঘটনাৰ লগত জড়িত প্ৰতিজন লোক প্ৰশিক্ষণপ্ৰাপ্ত জেহাদী বটদ্ৰৱা কাণ্ড সন্দৰ্ভত এই বক্তব্য কৰে ৰাজ্যিক বিজেপিয়ে । তেওঁলোকে কয় যে, বর্তমান অসমত পি এফ আইৰ দৰে সংগঠনৰ সাংগঠনিক কাম-কাজ বাংলাদেশী মূলৰ মুছলমান লোকৰ মাজত যথেষ্ট শক্তিশালী হৈ উঠিছে । পি এফ আয়ে আগবঢ়োৱা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত জেহাদী সকলেহে বটদ্ৰৱা থানা আক্ৰমণ কৰিছিল । সেয়েহে এই আক্ৰমণকাৰী সকলক আৰক্ষীয়ে সন্ত্ৰাসবাদী হিচাপে গণ্য কৰিব লাগে ’’ (Batadrava police station incident) ৷

বটদ্ৰৱা থানা আক্ৰমণত প্রশিক্ষণপ্রাপ্ত জেহাদী জড়িত : ৰাজ্যিক বিজেপি

লগতে বিজেপি নেতাদ্বয়ে সদৰি কৰা মতে, ‘‘আৰক্ষী থানা জ্বলাই দিয়াৰ লগতে চৰকাৰী নথি-পত্ৰ আৰু অস্ত্ৰ -শস্ত্ৰ নষ্ট কৰাটো আইন মতে ৰাষ্ট্ৰদ্ৰোহী । সেয়েহে এনে লোকৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰয়োজনীয় কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত’’। বটদ্ৰৱাৰ ঘটনা সমগ্ৰ বিশ্বৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা ইছলামীয় মৌলবাদী আগ্ৰাসনৰ এটি নমুনা মাত্ৰ বুলি উল্লেখ কৰি তেওঁ কয় যে, ‘‘পশ্চিম ইউৰোপ, আফগানিস্থানৰ পৰা আৰম্ভ কৰি কাশ্মীৰ, কেৰেলা, পশ্চিমবঙ্গ হৈ অসমৰ বটদ্ৰৱালৈকে ইছলামী আগ্ৰাসনবাদীৰ চৰিত্ৰ একেটাই । আফগানিস্থানত তালিবানে, মুম্বাইৰ আজাদ ময়দানত মহাৰাষ্ট্ৰৰ মৌলবাদী সকলে আৰু পশ্চিমবঙ্গত তৃণমূল সমৰ্থিত জেহাদীসকলে একেটা ষ্টাইলত কাম কৰি আহিছে ।’’

জনবিস্ফোৰণৰ জৰিয়তে ৰাজনৈতিকভাৱে শক্তিশালী হৈ পৰাৰ পিছত ইছলামী আগ্ৰাসনবাদী সকলে সদায় চৰকাৰী প্ৰতিষ্ঠান আৰু খিলঞ্জীয়া লোকৰ আস্থা কেন্দ্ৰ সমূহ দখল কৰি নষ্ট কৰি আহিছে বুলি তেওঁলোকে অভিযোগ কৰে । বটদ্ৰৱাৰ আইন শৃংখলা পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি অতি ক্ষীপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপক ৰাজ্যিক বিজেপিয়ে আদৰণি জনায় । লগতে 22 মে'ৰ পুৱাৰে পৰা বটদ্ৰৱাত আৰম্ভ হোৱা উচ্ছেদ অভিযানকো দলে সময়োপযোগী সিদ্ধান্ত বুলি সদৰি কৰে ৷

আনহাতে থানা আক্ৰমণৰ ঘটনাক নিন্দা কৰিবলৈও সময় উলিয়াব নোৱাৰা কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে উচ্ছেদক কৰা বিৰোধিতাক বিজেপি মুখপাত্ৰদ্বয়ে অসম বিৰোধী অৱস্থান বুলি অভিহিত কৰে । উল্লেখ যে থানা জ্বলাই দিয়া ঘটনা সম্পৰ্কত সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰা ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু বটদ্ৰৱাৰ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাই প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰোধীতা কৰিছে ।

বিধায়িকা বৰাৰ উপৰি কংগ্ৰেছ দলৰ তৰফৰ পৰাও প্রশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰোধীতা কৰি বক্তব্য আগবঢ়োৱা হৈছে। বিৰোধী দলৰ এনে ভূমিকা মুছলিম তুষ্টিকৰণৰ বাহিৰে আন একো নহয় বুলি মুখপাত্ৰদ্বয়ে কয়। খিলঞ্জীয়া মানুহৰ সংকটৰ সময়ত মনে মনে থকা আৰু প্ৰয়োজনত মুছলিম তুষ্টিকৰণৰ বাবে হাহাকাৰ সৃষ্টি কৰাই বৰ্তমান কংগ্ৰেছৰ প্ৰধান নীতি বুলি তেওঁলোকে কয়।

লগতে পঢ়ক : ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবী চিপিআইএমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.