ETV Bharat / city

Covid in Guwhati colleges : ছাত্ৰ-শিক্ষকসহ দিছপুৰ মহাবিদ্যালয়ৰ দহ গৰাকীৰ দেহত ক’ভিড

author img

By

Published : Dec 16, 2021, 7:42 AM IST

ক'ভিডত আক্ৰান্ত হৈছে দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক (Students and teachers tested covid positive in Dispur College) ৷ মহাবিদ্যালয় খনৰ ৬ গৰাকী ছাত্র-ছাত্ৰী আৰু ৪ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড ।

Covid in Guwhati colleges
Covid in Guwhati colleges

গুৱাহাটী, ১৪ ডিচেম্বৰ : পুনৰ মহানগৰীৰ মহাবিদ্যালয়ত ক'ভিডৰ আতংক (Covid cases in colleges of Guwahati city)। গুৱাহাটী বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়ৰ পিছত ক'ভিড সংক্ৰমণ হৈছে দিছপুৰ মহাবিদ্যালয়ত (Covid patients in Dispur College)। মহাবিদ্যালয় খনৰ ৬ গৰাকী ছাত্র-ছাত্ৰী আৰু ৪ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড । জিলা প্ৰশাসনৰ সহযোগত মহাবিদ্যালয়খনত ক’ভিড পৰীক্ষা কৰাৰ সময়তে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ দেহত ধৰা পৰে ক’ভিড ।

উল্লেখ্য যে, সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ২০ গৰাকী ছাত্ৰ-ছাত্ৰীত দেহত ক’ভিড (Students of Gauhati University tested Covid positive) ধৰা পৰাৰ লগতে মঙলবাৰে বি বৰুৱা মহাবিদ্যলয়ত ৬ গৰাকী শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল ৷ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই 15 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈ শ্ৰেণী বন্ধ ঘোষণা কৰিছে ৷

তথ্য অনুসৰি বুধবাৰৰ দিনটোত ৰাজ্যত মুঠ ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে 131 গৰাকী ৷ ইয়াৰে 55 গৰাকী কামৰূপ মহানগৰ জিলাৰ ৷ তাৰোপৰি বুধবাৰে ক’ভিডত মৃত্যু হৈছে দুগৰাকী ৰোগীৰ ৷ ৰাজ্যত বৰ্তমান মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছে 1,074 গৰাকী ৷

লগতে পঢ়ক : Covid-19 in B Borooah College : ৬ গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.