ETV Bharat / city

Covid-19 in B Borooah College : ৬ গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড

author img

By

Published : Dec 14, 2021, 6:02 PM IST

Covid-19 in  B. Borooah College
৬ গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড

গুৱাহাটী বিশ্ব বিশ্ববিদ্যালয়ত ২০ গৰাকী ছাত্ৰ-ছাত্ৰী কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সোমবাৰে বি. বৰুৱা মহাবিদ্যালয়ৰ 6 গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰে ক’ভিড ৷

গুৱাহাটী, ১৪ ডিচেম্বৰ : ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Assam)৷ বিশেষকৈ মহানগৰীৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অব্যাহত আছে ক'ভিড পজিটিভৰ আতংক । মহানগৰীৰ বি বৰুৱা মহাবিদ্যলয়ত ৬ গৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰ’ণাত (Students of B Borooah college tested Covid positive)। এই বিষয় সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ সত্যেন্দ্ৰ নাথ বৰ্মণে কয় যে, সোমবাৰে ছয়গৰাকী শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ অভিভাৱকসকলে দিছে । আক্ৰান্তসকলক সম্পূৰ্ণ সুস্থ হৈ নুঠা পৰ্যন্ত মহাবিদ্যালয়লৈ আহিবলৈ মানা কৰা হৈছে ।

মহাবিদ্যালয়খনৰ ছয়গৰাকী শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হৈছে যদিও পৰীক্ষা চলি থকাৰ বাবে খোলা ৰখা হৈছে মহাবিদ্যালয়খন । সকলো ক’ভিড নীতি-নিয়ম মানি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে । ছাত্ৰ-ছাত্ৰীসকলক শৃংখলাবদ্ধভাৱে থাকি সকলো নীতি-নিয়ম মানি পৰীক্ষাত বহিবলৈ আহ্বন জনায় অধ্যক্ষগৰাকীয়ে ।

উল্লেখ্য যে, মহানগৰীৰ অসম জাতীয় বিদ্যালয় আৰু সন্দিকৈ মহাবিদ্যালয়ত কেইবাগৰাকীও শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে সোমবাৰে গুৱাহাটী বিশ্ব বিশ্ববিদ্যালয়ৰ ২০ গৰাকী শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ যাৰ বাবে 14 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈ বিশ্ববিদ্যালয়খন বন্ধ ঘোষণা কৰে কৰ্তৃপক্ষই । তদুপৰি বিশ্ববিদ্যালয় সপ্তাহৰ কাৰ্যসূচীও বাতিল কৰা হয় ।

লগতে পঢ়ক: Covid-19 in Gauhati University : 20 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.