ETV Bharat / city

বিজেপিৰ কাৰ্যনিৰ্বাহকৰ তালিকাত নাম নাথাকিল বহু নেতাৰ

author img

By

Published : Aug 23, 2020, 4:33 PM IST

State BJP executive list Released  in Guwahati
বিজেপিৰ কাৰ্যনিৰ্বাহকৰ তালিকাত নাম নাথাকিল বহু নেতাৰ

২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ ৭৪ জনীয়া তালিকাত অনুমোদন জনাইছে । ইতিমধ্যে সদ্য প্ৰকাশিত এই ৭৪ জনীয়া তালিকাক লৈ দলটোৰ আভ্যন্তৰত চৰ্চাৰ বিষয় হৈ পৰিছে ।

গুৱাহাটী, ২৩ আগষ্টঃ ২০২১ ৰ বিধানসভা নিৰ্বাচন বিজেপিৰ যিখন ৰাজ্যিক সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হ'ব, সেই সমিতি ইতিমধ্যে ঘোষিত হৈছে । ইয়াৰ মাজতে শণিবাৰে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ ৭৪ জনীয়া তালিকাত অনুমোদন জনাইছে ।

দলৰ তিনিজনকৈ সাংসদক ইতিমধ্যে অৰ্পণ কৰা হৈছে সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব । তাৰোপৰি শণিবাৰে ৭৪ গৰাকী নেতা-কৰ্মীক ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ পদ ন্যস্ত কৰা হয় । দলীয় পৰম্পৰা অনুসৰি দলটোৰ প্ৰতিগৰাকী সাংসদ, মন্ত্ৰী, বিধায়ক, নিগম-নিকায়সমূহৰ অধ্যক্ষ সকল, বিজেপিৰ দখলত থকা স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কাৰ্যনিৰ্বাহক সদস্যৰ পদ অৰ্পণ কৰা হৈছে ।

কিন্তু যোৱা সময়চোৱাত দলটোৰ বাহিৰে ভিতৰে অত্যন্ত প্ৰভাৱশালী ৰূপত অৱতীৰ্ণ হোৱা কেইবাজনো নেতাৰ নাম প্ৰকাশিত এই ৭৪ জনীয়া তালিকাত দেখা নগল । স্বাভাবিকতে এইখন কাৰ্যনিৰ্বাহকৰ গুৰুত্ব হব অতি বেছি । কিয়নো সমূখত নিৰ্বাচন । তেনেক্ষেত্ৰত সদ্য প্ৰকাশিত এই ৭৪ জনীয়া তালিকা খনক লৈ ইতিমধ্যে দলটোৰ আভ্যন্তৰত চৰ্চাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক- কেন্দ্ৰক JEE আৰু NEET পৰীক্ষাসমূহ বাতিলৰ অনুৰোধ মনিশ ছিছ'দিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.