ETV Bharat / city

যোৰাবাটত চোৰাং গৰু উদ্ধাৰ, চালকক আটক

author img

By

Published : Oct 20, 2019, 5:46 PM IST

Updated : Oct 20, 2019, 8:56 PM IST

যোৰাবাট আৰক্ষীৰ সফলতা ৷ চোৰাং সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ বৃহৎ সংখ্যক গৰু ৷

smuggled cattle recovered in jorabat kamrup

গুৱাহাটী, 20 অক্টোবৰ: ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ । যোৰাবাট আৰক্ষীয়ে শনিবাৰে নিশা আৰক্ষী চকীৰ সম্মুখত চলোৱা এক বিশেষ অভিযানত 3 খন ট্ৰাক আৰু 2 খন পিকআপ বাহনৰ পৰা 56 টা চোৰাং গৰু উদ্ধাৰ কৰে ।

জব্দ গৰুসমূহ ন মাইল গৰু বজাৰৰ পৰা অবৈধভাৱে মেঘালয়লৈ লৈ অনা হৈছিল । এই সৰবৰাহৰ সৈতে জড়িত মুঠ 5 জন চালকক ইতিমধ্যে আটক কৰা হৈছে । আটক কৰা পাঁচ চালকৰ নাম বানপিনছুক্লাগ মাৰৱেইন(21), বাকছান খাৰকংগৰ(26), বান ছুনা (23), ছাইফুল ইছলাম (25), আজিজুল হক (30) ৷ যোৰাবাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

যোৰাবাটত জব্দ হ'ল চোৰাং গৰু

লগতে পঢ়কঃ বৰপেটাৰোডত চোৰাং ম'হ ভৰ্ত্তি ট্ৰাক জব্দ

Intro:যোৰাবাট আৰক্ষীৰ অভিযানত চোৰাং সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 56 টা গৰু : জব্দ 3 খন ট্ৰাক , 2 পিক আপ বাহন আৰু আটক 5 চালক


Body:Anchor: ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু সৰবৰাহ। যোৰাবাট আৰক্ষীয়ে শনিবাৰে নিশা আৰক্ষী চকীৰ সমুখত চলোৱা এক বিশেষ অভিযানত 03 খন ট্ৰাক আৰু 02 খন পিক আপ বাহন পৰা 56 টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰে। জব্দ গৰু সমূহ
ন মাইল গৰু বজাৰৰ পৰা অবৈধভাৱে মেঘালয়লৈ লৈ অনা হৈছিল। এই ঘটনাৰে জড়িত মুঠ 5 জন চালকক আটক কৰা হৈছে। আটক কৰা পাঁচ চালকৰ নাম Banpynsuklag Marwein ( 21 Shillong), Baksan Kharkongor ( 26 Shillong), Ban Suna ( 23 Shillong), Saiful Islam (25 Dalgaon) আৰু Ajijul Haque (30 Dalgaon) যোৰাবাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।





Conclusion:এতিয়া প্ৰশ্ন হয় যে, এই অবৈধ বেহা মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে সংঘটিত হৈ আহিছে নেকি ? দেশত দুৰ্নীতি নিৰ্মূল হোৱা বুলি দম্ভালি মাৰি থকাৰ পিছতো কিয় এনে অবৈধ বেহা, ছিণ্ডিকেটবোৰে গা কৰি উঠিছে ? কেতিয়া নিৰ্মূল হব এইসমূহ বেহা ? এই বিষয়ে কিবা বিহীত ব্যৱস্থা লব নে শ্লোগান আওৰাই থকা চৰকাৰখনে ?

Asrar Ansari
গুৱাহাটী
Last Updated : Oct 20, 2019, 8:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.