ETV Bharat / city

গৰুখুটিৰ ঘটনাকলৈ সৰৱ ছটাকৈ ৰাজনৈতিক দল

author img

By

Published : Sep 25, 2021, 10:12 PM IST

গৰুখুটিৰ ঘটনাকলৈ সৰৱ ছটাকৈ ৰাজনৈতিক দল
গৰুখুটিৰ ঘটনাকলৈ সৰৱ ছটাকৈ ৰাজনৈতিক দল

বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ লগতে গৰুখুটিৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবী । দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তৎকালে নিলম্বন কৰাৰ দাবী । সংযুক্ত কিষাণ মৰ্চাই ২৭ ছেপ্তেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি ছটা দলৰ পূৰ্ণ সমৰ্থন ।

গুৱাহাটী, ২৫ছেপ্তেম্বৰঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ঘৃণাৰ ৰাজনীতিৰ পৃষ্ঠপোষক । এই অভিযোগ আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ । ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত শনিবাৰে ছটাকৈ ৰাজনৈতিক দলে যৌথভাৱে আয়োজন কৰা এখন সংবাদমেলত সাংসদ ভূঞাই ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

গুৱাহাটীৰ ৰাজগড়স্থিত চিপিআইৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা যৌথ সংবাদমেলত চিপিআই, চিপিআই (এম), চিপিআই (এম এল), আঞ্চলিক গণ মৰ্চা, আৰজেডি আৰু আৰচিপি আই দলৰ নেতৃত্ব উপস্থিত আছিল । সংবাদ মেলত সাংসদ ভূঞাই গৰুখুটিৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ লগতে গৰুখুটিৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনায় ।

সেইদৰে গুলীচালনা আৰু লাঠিচালনাৰ ঘটনাত নিহত আৰু আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে উচ্ছেদিত লোকসকলক ততালিকে পুনৰ সংস্থাপন দিয়াৰ বাবে তেওঁ চৰকাৰৰ ওচৰত দাবী জনায় । তেওঁ আইন বিৰোধী কাৰ্যমলাপৰ বাবে দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তৎকালে নিলম্বন কৰাৰ বাবে দাবী জনায় । তেওঁ কয়, কোনো সৎ উদ্দেশ্য লৈ চৰকাৰে উচ্ছেদ অভিযান চলোৱা নাই । ইয়াৰ আঁৰত উপ-নিৰ্বাচনৰ সংকীৰ্ণ ৰাজনীতিৰ কথাও আছে ।

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে কংগ্ৰেছ শূন্য তিনিচুকীয়াত APCCৰ সভাপতি ভূপেন বৰা

ৰাজ্যৰ বিভিন্ন ঠাইত বেদখল হৈছে যদিও এই ঠাইখিনিক বাচি লোৱাৰ ৰহস্য কি । এয়া বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ নিকৃষ্ট ৰাজনীতি । উপ-নিৰ্বাচনৰ প্ৰসংগত সাংসদ ভূঞাই কয়, সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাটো অনিবাৰ্য হৈ পৰিছে । আমি উপ নিৰ্বাচনত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰাৰ পোষকতা কৰিছো।

থাওৰা সমষ্টিত চিপিআই দলে দিয়া প্ৰাৰ্থীৰ প্ৰতি আমাৰ এই দল কেইটাৰ পূৰ্ণ সমৰ্থন আছে । ৰাইজৰ দল আমাৰ লগত আগতেও নাছিল । উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰা ৰাইজৰ দলে কাৰো লগত আলোচনা নকৰি আগতীয়াকৈ থাওৰা সমষ্টিত নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ।

আনহাতে সংযুক্ত কিষাণ মৰ্চাই ২৭ ছেপ্তেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি ছটা দলে পূৰ্ণ সমৰ্থন আগবঢ়াইছে । অসমত এই বন্ধ সফল কৰি তোলাৰ বাবে ছটা দলৰ নেতৃত্বই ৰাইজৰ প্ৰতি আহ্বান জনাইছে । সংবাদমেলত চিপিআই (এম) দেৱেন ভট্টাচাৰ্য, চিপিআইৰ মুনিন মহন্ত, চিপিআই (এম এল)ৰ পংকজ দাস আৰু আৰজেডিৰ সোনাৰুল শ্বাহ মুস্তাফা উপস্থিত আছিল ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ Intelligence বিফল হোৱাৰ বাবেই গৰুখুটিৰ ঘটনা সংঘটিত হৈছে : লুৰীণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.