ETV Bharat / city

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পদত্যাগৰ দাবী অখিল গগৈৰ

author img

By

Published : Oct 6, 2022, 8:11 PM IST

Tejaswita Baruah death
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পদত্যাগৰ দাবী অখিল গগৈৰ

মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাৰ (১৪) আকস্মিক মৃত্যুক লৈ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে (Tejaswita Baruah death)। লগতে এই ঘটনাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Sivasagar MLA Akhil Gogoi) ।

গুৱাহাটী, ৬ অক্টোবৰ: মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(Akhil Gogoi's reaction on Tejaswita Baruah Death) । মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনাটোৱে অসমৰ চৰকাৰী চিকিৎসা ব্যৱস্থাৰ ফোপোলাস্বৰূপ দাঙি ধৰিছে বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অভিযোগ কৰে ।

তেওঁ কয়, "কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনাটোৱে আমাক শোকাকুল কৰাৰ লগতে ক্ষোভিত কৰিছে । এই ঘটনাই আমাৰ মনত ঘৃণাৰ সৃষ্টি কৰিছে । তেজস্বিতা বৰুৱাৰ দৰে এগৰাকী প্ৰতিভাৱান সংগীত শিল্পীয়ে অকালতে মৃত্যুক সাৱটি লোৱা ঘটনাটো অতি দুখজনক ।" উল্লেখ্য যে, গীত- নৃত্যৰে জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাৰ(১৪) বুধবাৰে আকস্মিকভাৱে মৃত্যু হয় (Tejaswita Baruah death) ।

  • অসম চৰকাৰক ধিক্কাৰ
    মাজুলীৰ এজনী সম্ভৱনাপূৰ্ণ কিশোৰীৰ অবাঞ্চিত মৃত্যুত অত্যন্ত দুখ অনুভৱ কৰিছোঁ। অতিকৈ দুখৰ কথা যে সেই সম্ভাৱনাপূৰ্ণ ছোৱালীজনীৰ মৃত্যু ৰোধ কৰিব পৰা গ’লহেঁতেন যদিহে মাজুলীত এক উপযুক্ত স্বাস্থ্য ব্যৱস্থা থাকিলেহেঁতেন। pic.twitter.com/hWu1ASjTxi

    — Akhil Gogoi (@AkhilGogoiAG) October 6, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ঘৰৰ ওচৰতে আয়োজন কৰা অনুষ্ঠানত বৰগীত পৰিবেশন কৰিবলৈ যোৱা তেজস্বিতা বৰুৱা হঠাৎ অসুস্থ হৈ পৰাত লগে লগে গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়(Garmur District Civil Hospital) ৷ কিন্তু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত অক্সিজেনৰ অভাৱত মৃত্যু হয় (Majuli Tejaswita Baruah Death) । প্ৰতিভাৱান তেজস্বিতাৰ আকস্মিক মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই মাজুলীবাসীয়ে । চিকিৎসকৰ গাফিলতিৰ বাবেই শিশুশিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে (Tejaswita Baruah's death to be probed) ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পদত্যাগৰ দাবী অখিল গগৈৰ

তেজস্বিতাৰ আকস্মিক বিয়োগৰ খবৰটোৱে ৰাজ্যজুৰি শোকৰ ছাঁ পৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, "বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ এক নম্বৰ ৰাজ্য কৰাৰ কথা কয় । হিমন্ত বিশ্ব শৰ্মাই ১৫ বছৰ অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল । কিন্তু তাৰ পিছতো হাস্পতালত অক্সিজেনৰ অভাৱত তেজস্বিতা বৰুৱাৰ মৃত্যু ‌হৈছে । এই ঘটনা অতি দুৰ্ভাগ্যজনক । এই ঘটনাই বি জে পি চৰকাৰৰ আৰু অসমৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ।"

এই ঘটনাৰ বাবে অখিল গগৈয়ে প্ৰথমে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পদত্যাগৰ দাবী কৰে(Health Minister Keshab Mahanta) । তেওঁ কয়, "এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ক্ষমা খোজক ।" অতি সোনকালে মাজুলীত এখন অত্যাধুনিক মেডিকেল কলেজ নিৰ্মাণ কৰা আৰু মাজুলী আৰু যোৰহাট সংযোগী দলঙখন শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে অখিল গগৈ দাবী জনায় ।

লগতে পঢ়ক: তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.