ETV Bharat / city

অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

author img

By

Published : Apr 21, 2020, 10:32 AM IST

অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ।

অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

গুৱাহাটী, ২১ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ সময়চোৱাত দেশৰ বিভিন্ন কাৰাগাৰত বন্দীসকলক জামিনত মুক্তি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে । এই নিৰ্দেশ মৰ্মে অসমত প্ৰায় ৭২২ গৰাকী কাৰাবন্দী মুকলি কৰি দিছে অসম চৰকাৰে। কিন্তু বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ তথা আহ্বান স্বত্বেও এতিয়ালৈকে মুকলি কৰি দিয়া নাই কাৰাবন্দী কৃষক নেতা অখিল গগৈক ।

অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
দেৱব্ৰত শইকীয়াৰ পত্ৰখন

এনে সংকটৰ সময় কৃষক নেতাগৰাকীক কাৰাগাৰৰ পৰা মুক্তিৰ দাবী জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । মানৱীয়তাৰ খাতিৰত অখিল গগৈক মুকলি কৰাৰ আহ্বান জনাই বিৰোধী দলৰ দলপতিগৰাকীয়ে ।

অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
দেৱব্ৰত শইকীয়াৰ পত্ৰখন

লগতে পঢ়কঃ মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.