ETV Bharat / city

বিজেপি চৰকাৰৰ কেবিনেট সিদ্ধান্তক ক্ষূৰধাৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ

author img

By

Published : Jan 4, 2022, 7:25 PM IST

Debabrat Saikia criticizes BJP Government
Debabrat Saikia criticizes BJP Government

‘‘৩১ খন কেবিনেটত গ্ৰহণ কৰা ৮০০ সিদ্ধান্ত(Cabinet decisions by Assam Government) কিমান কাৰ্যকৰী হ'ব সেয়া সময়েহে ক'ব । ২০১৬ চনৰ পৰা বিজেপি চৰকাৰে বহু সিদ্ধান্ত লৈছে যদিও বাস্তৱত কাৰ্যকৰী কৰা নাই’’ । এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

গুৱাহাটী, ৪ জানুৱাৰী : ‘‘মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৩১ খন কেবিনেটত গ্ৰহণ কৰা ৮০০ সিদ্ধান্ত (Cabinet decisions by Assam Government)কিমান কাৰ্যকৰী হ'ব সেয়া সময়েহে ক'ব ।’’ এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ । মঙলবাৰে দিছপুৰত আয়োজন কৰা এখন সংবাদমেলত বিৰোধী দলপতিগৰাকীয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে (Debabrat Saikia criticizes BJP Government )।

তেওঁ কয় যে, ২০১৬ চনৰ পৰা বিজেপি চৰকাৰে বহু সিদ্ধান্ত লৈছে যদিও বাস্তৱত কাৰ্যকৰী কৰা নাই । প্ৰতিটো নিৰ্বাচনত প্ৰতিশ্ৰুতি দি বিজেপিয়ে ভোট আদায় কৰি আহিছে যদিও প্ৰতিশ্ৰুতি পূৰণ কৰা পৰিলক্ষিত হোৱা নাই । ৰাইজক আভুৱা ভাৰিবলৈ চৰকাৰখনে এটাৰ পাছত আনটো ঘোষণা কৰি আহিছে বুলি অভিযোগ কৰে বিৰোধী দলপতিগৰাকীয়ে ।

বিজেপি চৰকাৰৰ কেবিনেট সিদ্ধান্তক ক্ষূৰধাৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ

মাতৃভাষাৰ প্ৰসংগত ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় অৱস্থাৰ দিশটো কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰে দাঙি ধৰে দেৱব্ৰত শইকীয়াই (Debabrat Saikia on Government School's condition) । তেওঁ উল্লেখ কৰে যে অসমত এতিয়াও দেশৰ ভিতৰতে সৰ্বাধিক ৬৫৫৪ খন কেঁচা গৃহৰ বিদ্যালয় আছে । আনহাতে ৰাজ্যৰ ৬.১৭ শতাংশ বিদ্যালয় এজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আহিছে । তথ্যসমূহ উত্থাপন কৰি বিৰোধী দলপতিগৰাকীয়ে এই সন্দৰ্ভত পুঁজিৰ ব্যৱহাৰৰ প্ৰসংগকলৈ প্ৰশ্ন উত্থাপন কৰে ।

লগতে, এনে পৰিস্থিতিত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়ণ নকৰিলে কোন অভিভাৱকে নিজৰ সন্তানক এনে বিদ্যালয়লৈ পঠাব বুলিও প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই । মুখ্যমন্ত্রীয়ে অভিভাৱকসকলক দোষ দিয়াতকৈ বিদ্যালয়সমূহৰ উন্নয়ণ কৰিব লাগে । চৰকাৰে মাতৃভাষাৰ বিদ্যালয়সমূহৰ উন্নয়ণ কৰাৰ বিপৰীতে প্ৰতিটো বিধানসভা সমষ্টিত এখনকৈ চি বি এছ ইৰ বিদ্যালয় কৰাৰ কথা ঘোষণা কৰিছে । এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।

আনহাতে অসম লোক সেৱা আয়োগৰ পৰীক্ষাসমূহতত অসমীয়া ভাষাটো বাধ্যতামূলকভাৱে এটা যোগ্যতামূলক পৰীক্ষা হিচাপে আছিল (Assamese language in APSC curriculum)। কিন্তু চৰকাৰে এই প্ৰক্ৰিয়াটো বাদ দিব বিচাৰিছে । কংগ্ৰেছ বিধায়িনী দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি তেওঁ সদৰি কৰে ৷ সংবাদমেলত তেওঁ অসম চুক্তি ৰূপায়ণ নকৰাৰ প্ৰসংগতো চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

সেইদৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোকলৈ (Demand for tribal status for Six communities) ৰাজনীতি নকৰাৰ বাবে তেওঁ চৰকাৰক সকীয়াই দিয়ে । শইকীয়াই লগতে কয় যে, বিধানসভাত চৰকাৰে বহু প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিয়া নাই । বেদখল সন্দৰ্ভত বিধানসভাত তেওঁ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত কোনো বিদেশী লোকে ভূমি বেদখল কৰা ন‍াই বুলি কোৱা হৈছে । কিন্তু চৰকাৰখনে সন্দেহজনক নাগৰিকে ভূমি বেদখল কৰা বুলি সততে কৈ থাকে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক : হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা সচিবালয়ৰ সীমা বাইদেউ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.