ETV Bharat / city

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰঙিয়াৰ ৰে’ল বিভাগৰ এজন কৰ্মচাৰীৰ

author img

By

Published : May 31, 2021, 4:26 PM IST

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰঙিয়াৰ ৰেল বিভাগৰ এজন কৰ্মচাৰীৰ
কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰঙিয়াৰ ৰেল বিভাগৰ এজন কৰ্মচাৰীৰ

ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ আক্ৰান্তৰ হাৰ কিছু পৰিমাণে কমিছে যদিও হ্ৰাস পোৱা নাই মৃত্যু সংখ্যা ৷ ৰঙিয়াত এজন কৰ্মচাৰীৰ মৃত্য়ু ৷

ৰঙিয়া, 31 মে' : ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ আক্ৰান্তৰ হাৰ কিছু পৰিমাণে কমিছে যদিও হ্ৰাস পোৱা নাই মৃত্যু হোৱা লোকৰ সংখ্যা ৷ কভিড- ১৯ ত মৃত্যু হৈছে ৰঙিয়াৰ ৰে’ল বিভাগৰ এজন কৰ্মচাৰীৰ ।

কেইবাদিনো কভিড-19 ত আক্ৰান্ত হৈ আছিল ৰঙিয়াৰ নিজ বড়িগোগৰ ৰিয়াজুল হক (৩৩) নামৰ যুৱকজন । ৰেপিড এন্টিজেন টেষ্টত ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ অধীনৰ কৰ্মচাৰীগৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ ।

নিজৰ কৰ্তব্য পালন কৰি থাকোতে কভিড-১৯ ত আক্ৰান্ত হৈছিল ৰে’ল বিভাগৰ কৰ্মচাৰী ৰিয়াজুল । স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে হোম আইছ'লেশ্যনত আছিল নিজ বড়িগোগৰ যুৱকজন ।

কেইদিনমান পূৰ্বে যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰাইছিল । অৱশেষত জীৱন মৃত্যুৰে যুজি কৰ’ণাৰ ওচৰত হাৰ মানিলে যুৱকজনে ।

দেওবাৰে চিকিৎসালয়তে মৃত্যু হয় ৰে’ল বিভাগৰ কৰ্মচাৰীগৰাকীৰ । উল্লেখ্য যে, ৰঙিয়াত বৰ্তমানলৈকে কভিড-১৯ ত আক্ৰান্ত হৈ ২০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা ১০০৫ গৰাকী অতিক্ৰম কৰিলে ৷

লগতে পঢ়ক : কিয় মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.