ETV Bharat / city

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 20, 2022, 1:10 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-1
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

কেন্দ্ৰই মীমাংসা কৰিব সীমা বিবাদ; দিল্লীত অমিত শ্বাহৰ সৈতে বহিব শৰ্মা-চাংমা

অসম-মেঘালয়ৰ সীমা সম্পৰ্কে সমাধানৰ সূত্ৰ বিচাৰি আজি বিয়লি অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে, ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা উৰা মাৰিব দিল্লীলৈ (Assam and Meghalaya CM to meet amit shah) ।

চীনা সৈন্যৰ বিৰুদ্ধে অৰুণাচলী যুৱকক অপহৰণৰ অভিযোগ

অৰুণাচল প্ৰদেশৰ এজন কিশোৰক চীনা সৈন্যই অপহৰণ কৰাৰ অভিযোগ অৰুণাচল প্ৰদেশৰ লোকসভা সদস্য টাপিৰ গাৱৰ ৷ দেশ জুৰি ইয়াক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ সবিশেষ জানো আহক ৷

Covid update in Assam : বুধবাৰে ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হ’ল ক’ভিডত

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 8339 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.89 শতাংশ ৷

Omicron in Assam: ৰাজ্যৰ অধিকাংশ ক’ভিড পজিটিভ লোক আক্ৰান্ত হৈছে অ’মিক্ৰণত

ৰাজ্যত অমিক্ৰণৰ প্ৰাদুৰ্ভাৱ ব্যাপক হাৰত আৰম্ভ হৈছে (Omicron in Assam)। শেহতীয়াভাৱে যিসকল লোক ক’ভিড-১৯ ৰ Rapid antigen আৰু RT-PCR পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰি ক’ভিড পজিটিভ চিহ্নিত কৰা হৈছে, সেইসকলৰ অধিকাংশ অ’মিক্ৰণ(Omicron) ত আক্ৰান্ত হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে নিশ্চিত কৰিছে (National Health Mission Assam) । ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ চৌধুৰীয়ে কি ক’লে জানো আহক ৷

Jal Jeevan Mission in Assam: ২০২৪ চনৰ ভিতৰত 'হৰ ঘৰ জল' ৰাজ্য হোৱাৰ পথত অসম

জল জীৱন মিছনৰ অধীনত বিগত ৬ মাহত ৯ লাখ ঘৰত যোগান ধৰা হৈছে নলৰ পানী ৷ খোৱা পানী আৰু অনাময় বিভাগৰ সচিব বিন্নী মহাজনে জল জীৱন মিছন (Jal Jeevan Mission ) আৰু স্বচ্ছ ভাৰত মিছন(Swatch Bharat Mission) ৰ ওপৰত এক পৰ্যালোচনা কৰে ৷ অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ সৈতে এই দুই মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিন্নী মহাজনে কয় যে জে জে এমৰ লক্ষ্য প্ৰাপ্তিৰ বাবে ৰাজ্যক কেন্দ্ৰই সম্পূৰ্ণ সহায় আগবঢ়াব।

Viral Audio of MLA Amiya Bhuyan : নিজৰ স্থিতিত অটল আৰক্ষী বিষয়া পুষ্পকমল বৰুৱা

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত বুধবাৰে উপস্থিত হয় নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পকমল বৰুৱা (DGP GP Singh summoned Narayanpur OC) । অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে তলব কৰাৰ পিছতে হাজিৰ হয় পুষ্পকমল বৰুৱা । নিজৰ স্থিতিত অটল আছে আৰক্ষী বিষয়া গৰাকী ৷

HS final Examination 2022 : ১৫ মাৰ্চৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা

15 মাৰ্চৰ পৰা আৰম্ভ হ'ব 2022 চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা (HS final Examination 2022) ৷ বুধবাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰে এই কথা ৷

ধনুষ-ঐশ্বৰ্যৰ 18 বছৰীয়া যুগ্ম জীৱনৰ পৰিসমাপ্তি

সোমবাৰে দাক্ষিণাত্যৰ অভিনেতা ধনুষে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিলে পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ৷ ধনুষৰ এই আকস্মিক ঘোষণাত হতভম্ব হৈ পৰে অনুৰাগীসকল ৷

বাণিজ্যিক অনুজ্ঞাপত্ৰ বিহীন বিপণীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান অব্যাহত

নিয়ম উলংঘা কৰা বিপণীৰ বিৰুদ্ধে GMC ৰ অভিযান অব্যাহত ৷ অবৈধভাৱে ব্যৱসায় চলাই থকা আৰু অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মহানগৰীত গ্ৰাহকক খোৱা সামগ্ৰী বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান (GMC's operation against illegal shops) ৷ বুধবাৰে সমান্তৰালকৈ বাণিজ্যিক অনুজ্ঞাপত্ৰ বিহীন বিপণীৰ বিৰুদ্ধে অভিযান চলাই গুৱাহাটী পৌৰ নিগমে (GMC continues its operation against commercially unlicensed outlets) ৷

Covid situation in Dibrugarh : ক'ভিড পৰিস্থিতিক লৈ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

শেহতীয়াকৈ ডিব্ৰুগড় জিলাত ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid cases increased in Dibrugarh)। যাৰ বাবে জিলা প্ৰশাসনে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে । ৯ বজাৰ লগে লগে সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব । ব্যৱসায়িক প্ৰতিষ্ঠানত বাধ্যতামূলক হ’ব মাস্ক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.