ETV Bharat / city

কেন্দ্ৰই মীমাংসা কৰিব সীমা বিবাদ; দিল্লীত অমিত শ্বাহৰ সৈতে বহিব শৰ্মা-চাংমা

author img

By

Published : Jan 20, 2022, 12:14 PM IST

অসম-মেঘালয়ৰ সীমা সম্পৰ্কে সমাধানৰ সূত্ৰ বিচাৰি আজি বিয়লি অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে, ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা উৰা মাৰিব দিল্লীলৈ (Assam and Meghalaya CM to meet amit shah) ।

assam-and-meghalaya-cm-to-meet-amit-shah-over-border-conflict
আজি দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিমা হাচাও , 20 জানুৱাৰী : আজি দিল্লীলৈ উৰা মাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বুধবাৰে হাফলঙত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰাৰ পিছত এই বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰাৰ নিমিত্তে আজি বিয়লি অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু কনৰাড চাংমা উৰা মাৰিব দিল্লীলৈ (Assam and Meghalaya CM to meet amit shah over border conflict) ।

আজি সন্ধিয়া 6 বজাত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে বিষয়টোৰ সন্দৰ্ভত এখন প্ৰতিবেদন দাখিল কৰিব ৷ বুধবাৰে কেবিনেট বৈঠকত অসম আৰু মেঘালয় দুয়োখন চৰকাৰৰ কেবিনেটে অসম আৰু মেঘালয় সীমান্তৰ বিবদমান ছয় স্থান ক্ৰমে গিজাং, তাৰাবাৰী, বখলাপাৰা, পিলিংকাটা, ৰাতাচাৰা আৰু হাহিমৰ সীমা সমস্যা সমাধানৰ "ফৰ্মুলা"ত অনুমোদন জনায় ৷

assam-and-meghalaya-cm-to-meet-amit-shah-over-border-conflict
আজি দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত জনোৱা অনুসৰি, অসম আৰু নাগালেণ্ডৰ মাজত থকা সীমা বিবাদ সম্পৰ্কে সৰ্বোচ্চ আদালতৰ মজিয়াত মীমাংস হ'ব ৷ লগতে অসম-অৰুণাচল আৰু অসম-মিজোৰাম সীমা বিবাদ সমস্যাৰ সমাধানৰ বাবে এখন আঞ্চলিক কমিটি গঠন কৰা হ'ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহে চৰকাৰৰ সীমা বিবাদ সম্পৰ্কে লোৱা সিদ্ধান্তক বিৰোধিতা কৰে (Oppsition parties opposed this settlement move initiated) ৷ এই বিৰোধী দলসমূহৰ মতে, ৰাজ্যৰ সীমা বিবাদ সম্পৰ্কে আলোচনা কৰিবলৈ এখন বিশেষ বিধানসভা অধিৱেশন অনুষ্ঠিত কৰি এই সমস্যা সমাধানৰ সূত্ৰ উলিয়াবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷ লগতে চৰকাৰক এই সিদ্ধান্তক একপক্ষীয় সিদ্ধান্ত বুলি উল্লেখ্য কৰি সংবিধানৰ মতে দুখন ৰাজ্যৰ মাজত হোৱা সীমা বিবাদ সমাধান কৰিবলৈ বিধান সভা অনুষ্ঠিত কৰিহে কোনো সিদ্ধান্তত উপস্থিত হ'ব লাগে এই বুলি সদৰি কৰে ৷

উল্লেখ্য যে, হাফলং কেবিনেটৰ পূৰ্বে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতে গুৱাহাটীত অনুষ্ঠিত হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ বিষয়ে অৱগত কৰিছিল । ইয়াৰ পিছতে বুধবাৰে হাফলঙত অনুষ্ঠিত কেবিনেট বৈঠকে সেই‌ সিদ্ধান্তত অনুমোদন জনাইছিল (Border dispute between Assam and Meghalaya) ।

আনহাতে, বুধবাৰে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ এখন প্ৰেক্ষাগৃহ আৰু নতুন ভৱনৰ লগতে এখন ছাত্ৰাবাস উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ আগতে সন্ধিয়া হাফলং অসামৰিক চিকিৎসালয়ত অক্সিজেন প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে হাফলঙত এখন ষ্টেডিয়াম আৰু কৃষি বিভাগৰ কৃষি ভৱনৰ লগতে জিলাখনৰ আন আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত পুনৰ কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.