ETV Bharat / city

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 10, 2021, 1:04 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-1
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Last rites of Gen Rawat : সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাটৰ শেষকৃত্য

আজি শেষকৃত্য সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ ৷ বিয়লি পাঁচ বজাত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে কৰা হ’ব সৎকাৰ ৷


City bus fare price in Guwahati : মহানগৰীত প্ৰশাসনে প্ৰকাশ কৰিলে চিটি বাছৰ ভাড়াৰ তালিকা

মহানগৰীৰ চিটিবাছক নাকী লগাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে (Kamrup Metro Dist Admin on bus fare) ৷ কিয়নো শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এখন বিশেষ তালিকা ৷ যি তালিকাত উল্লেখ আছে মহানগৰৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছে যাত্ৰীৰ পৰা কিমান ভাড়া সংগ্ৰহ কৰিব (City bus fare rate published by Kamrup Metro Dist Admin) ৷


শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ

আজি শ্বহীদ দিৱস ৷ 1979 চনৰ 10 ডিচেম্বৰ দিনটোতেই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল খৰ্গেশ্বৰ তালুকদাৰে (Khargeswar Talukder killed by police)৷ তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে "শ্বহীদ দিৱস" হিচাপে ৷


Tribute to CDS Gen Bipin Rawat : ৰাজ্য়ৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন জেনেৰেল ৰাৱাটলৈ

বুধবাৰে তামিলনাডুৰ কুন্নুৰত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত CDS জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ লগতে ১১ গৰাকী লোকৰ মৃত্যু হৈছে (13 died in chopper crash at coonoor)। এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে । অসমৰো বিভিন্ন ঠাইত এই হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়(People in Assam tribute to CDS Gen Bipin Rawat) ৷


Eviction Drive Against Unauthorized Vendors : বজাৰে বজাৰে গুৱাহাটী পৌৰ নিগমৰ অভিযান

বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী এটি দলে মহানগৰীৰ বিভিন্ন ঠাইত অভিযান চলাই কেইবাখনো মাংসৰ দোকান বন্ধ কৰাৰ লগতে জৰিমনা বিহে(GMC eviction drive in Guwahati city) ৷ শাক-পাচলিৰ লগতে কণী, মাছ, মাংস জব্দ কৰে অভিযানকাৰী দলটোৱে ৷


Drugs seized by Assam Police: আৰক্ষীৰ জিম্মাত তিনিটাকৈ দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

অসমত ড্ৰাগছৰ ঘাটি সমূলঞ্চে উৎখাত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে ৷ নিতৌ ন ন ঘটনাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ অভিযানত ৷ 9 ডিচেম্বৰত তিনিটাকৈ ড্ৰাগছ মাফিয়া কৰায়ত্ব কৰি ড্ৰাগছৰ বিশাল ৰেকেটৰ সন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে (police arrested drugs peddler with drugs ) ৷


তৰুণ গগৈয়ে NRC ৰ প্ৰক্ৰিয়া লেহেমীয়া কৰা বুলি ৰঞ্জন গগৈৰ মন্তব্যৰ পাছত কি ক’লে গৌৰৱ গগৈয়ে ?

তৰুণ গগৈয়ে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো লেহেম কৰা বুলি ৰঞ্জন গগৈয়ে কৰা মন্তব্যৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জানো আহক এই সম্পৰ্কত কি মন্তব্য কৰিলে গৌৰৱ গগৈয়ে(Gaurav Gogoi on NRC statement of Ranjan Gogoi) ৷


Nagaland killing: নাগালেণ্ডৰ ঘটনাৰ তথ্য প্ৰমাণ বিচাৰি ৰাইজক কি অনুৰোধ জনালে SIT য়ে ?

বিশেষ অনুসন্ধানকাৰী দলে নাগালেণ্ডৰ অটিঙত নীৰিহ নগালোকৰ শোকাৱহ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে(SIT started their investigation on Oting massacre) ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত অনুসন্ধানকাৰী দলে ৰাইজক ঘটনাৰ সৈতে জড়িত তথ্য প্ৰমাণ থাকিলে তদন্তৰ খাতিৰত প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে ৷


দিল্লী হিংসাৰ গোচৰত শ্বাৰ্জিল ইমামৰ জামিন মঞ্জুৰ

শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ২০১৯ চনৰ ১৩ আৰু ১৪ ডিচেম্বৰত জামিয়া বিশ্ববিদ্যালয়ত হিংসাত্মক ঘটনা(Jamia violence case) সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷


ক্ষুব্ধ দিল্লী : ডিচেম্বৰৰ ভিতৰত ফ'ৰলেন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

গুৱাহাটীৰ পৰা উজনিৰ যিকোনো স্থানলৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা সকলো লোকেই ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাৰ বিষয়ে অৱগত । গাড়ীৰে উজনিলৈ যোৱা প্ৰত্যেকৰে আছে সেই তিতা অভিজ্ঞতা । ইয়াৰ কাৰণ অন্য একো নহয়, ফ'ৰলেন নিৰ্মাণ । ফ'ৰলেনৰ নিৰ্মাণকাৰ্যই অৱশেষত ক্ষুব্ধ কৰি তুলিছে দিল্লীকো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.