ETV Bharat / city

উত্তৰ পূৱৰ প্ৰথমখন ডিআৰডিঅ' ক'ভিড কেয়াৰ হাস্পতালত নতুন বেক্টেৰিয়া

author img

By

Published : Aug 27, 2021, 10:48 PM IST

new bacteria in drdo covid care hospital
উত্তৰ পূৱৰ প্ৰথমখন ডিআৰডিঅ' ক'ভিড কেয়াৰ হাস্পতালত নতুন বেক্টেৰিয়া

সুৰক্ষিত-নিৰাপদ নহয় নেকি কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে সৰুসজাইত নিৰ্মাণ কৰা উত্তৰ পূৱৰ প্ৰথমখন ডি আৰ ডি অ' ক'ভিড হাস্পতাল ? ক'ভিড কেয়াৰ হাস্পতালখনত বেক্টেৰিয়াৰ আবিৰ্ভাৱ। হাস্পতালখনত স্ক্ৰাৱ টাইফাস নামৰ নতুন ৰোগৰ উপস্থিতি। ৰোগীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ ।

গুৱাহাটী,২৭ আগষ্ট : গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত নিৰ্মাণ কৰা উত্তৰ পূৱৰ প্ৰথমখন ডি আৰ ডি অ' ক'ভিড কেয়াৰ হাস্পতালত 'স্ক্ৰাৱ টাইফাস' (SCRUB TYPHUS) নামৰ বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰিছে। এই বেক্টেৰিয়াত হাস্পতালখনৰ কেইবাজনো চিকিৎসক-চিকিৎসাকৰ্মী আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। যাৰবাবে হাস্পতালখনৰ ৰোগীসকলক তৎক্ষণিকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।

এই পৰ্যন্ত হাস্পতালখনত স্ক্ৰাৱ টাইফাস ৰোগত চিকিৎসক নাৰ্চসহ কেইবাগৰাকী ক'ভিড ৰোগী আক্ৰান্ত হৈছে। যাৰবাবে সৰুসজাই পৰিৱৰ্তে ক'ভিড ৰোগীসকলৰ চিকিৎসা চলিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। হাস্পতালখনত চিকিৎসাধীন হৈ থকা ২৪ গৰাকী ক'ভিড ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে, ক'ভিড কেয়াৰ হাস্পতালখনত দেখা দিয়া এই নতুন ৰোগৰ আঁৰত কদৰ্য্যময় পৰিৱেশ বুলি বহুজনে অভিহিত কৰিছে। সময়ে সময়ে ল'বলগীয়া যতনৰ অভাৱৰ বাবে লেতেৰা পৰিৱেশত হাস্পতালখনত বেক্টেৰীয়া বিয়পিছে বুলি অভিযোগ উত্থাপন হৈছে । অৱশ্যে, বিয়পি পৰা এই বেক্টেৰিয়া কিছুদিনৰ ভিতৰত নাশ কৰিব পৰা যাব বুলি জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে ।

চলিত বৰ্ষৰ ১০ জুনত উদ্বোধন কৰা হৈছিল অত্যাধুনিক ক'ভিড কেয়াৰ হাস্পতালখন । ইয়াৰ নিৰ্মাণত ব্যয় হৈছিল ২২ কোটি টকা । উল্লেখ্য যে সাধাৰণতে এন্দুৰ আদিৰ পৰা এই বেক্টেৰীয়া বিয়পে বুলি বিশেষজ্ঞ চিকিৎসকে জানিবলৈ দিয়ে । ইফালে, সৰুসজাই ক্ৰীড়া প্ৰকল্পত নিৰ্মাণ কৰা হাস্পতালখন কৰ্তৃপক্ষই সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আন্তঃগাঠনি দুৰ্বল হৈ পৰা, ৰোগীৰ সংখ্যা কম আৰু স্ক্রাৱ টাইফাসৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
লগতে পঢ়ক : মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.