ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দেউলীয়া আখ্যা বিধায়ক অখিল গগৈৰ

author img

By

Published : Aug 14, 2022, 7:50 AM IST

Akhil Gogoi calls Himanta Biswa Sarma government bankrupt
Akhil Gogoi calls Himanta Biswa Sarma government bankrupt

অসম সৰ্বশিক্ষা অভিযান মিছনৰ জাননীকলৈ সংবাদমেলত সৰৱ বিধায়ক অখিল গগৈ । ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন গঠন কৰি তেওঁলোকৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী গ্ৰহণ কৰাৰ বাবে দিয়া নিৰ্দেশৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে (Mla Akhil Gogoi on Axom Sarba Siksha Abhiyan Mission notification)৷

গুৱাহাটী,14 আগষ্ট : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi criticizes Assam Govt)৷ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিসমূহ বৰ্তাই ৰখাৰ বাবে ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰখনৰ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধনৰ অভাৱ ঘটিছে । মাতৃভাষাৰ বিদ্যালয় ধ্বংসৰ আখৰা চলি থকাৰ সময়তে খোদ চৰকাৰৰ এটাৰ পাছত আন এটা সিদ্ধান্তই সকলোকে হতচকিত কৰিছে । এইবাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নত ব্যক্তি বিশেষৰ সহায় ল'ব ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ।

চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ বাবে শিক্ষা বিভাগে হাত মেলিব লগা হৈছে । শেহতীয়াকৈ অসম সৰ্বশিক্ষা অভিযান মিছনৰ এক নিৰ্দেশনাই ৰাজ্যৰ শৈক্ষিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে । বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এতিয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, এন জি অ' আদিৰ ওচৰত হাত পাতিবলৈ নিৰ্দেশ দিছে সৰ্বশিক্ষা মিছনে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

উল্লেখ্য যে, সৰ্বশিক্ষাৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন গঠন কৰি তেওঁলোকৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে (Axom Sarba Siksha Abhiyan Mission notification)। ডেস্ক-বেঞ্চ, বৈদ্যুতিক পাংখা, ফিল্টাৰ আদি বিদ্যালয়ৰ প্ৰয়োজনীয় আন্তঃগাঁথনিমূলক সা-সামগ্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, এন জি অ' আদিৰ পৰা অনুদান হিচাপে গ্ৰহণ কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিছে শিক্ষা বিভাগে ।

শনিবাৰে গুৱাহাটীৰ বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে কয় যে, বৰ্তমানৰ চৰকাৰখন সম্পূৰ্ণৰূপে দেউলীয়া হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত দান-বৰঙণিৰে বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে ।

ৰাজ্য চৰকাৰৰ ধনৰ অভাৱ ঘটিছে আৰু চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, এন জি অ' নাইবা ওচৰ-চুবুৰীয়াৰ পৰা সহায় লোৱাৰ বাবে শিক্ষা বিভাগে বিদ্যালয়সমূহক নিৰ্দেশ দিছে । এই কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি অখিল গগৈয়ে কয় যে, এই কথাই প্ৰমাণ কৰে যে চৰকাখন দেউলীয়া হৈ পৰিছে (Akhil Gogoi calls Himanta Biswa Sarma government bankrupt)। চৰকাৰে লাহে লাহে ৰাজহুৱা খণ্ডৰ অনুষ্ঠানসমূহৰ পৰা দায়িত্ব এৰিব বিচাৰিছে । লগতে চৰকাৰী শিক্ষানুষ্ঠানসমূহ ব্যক্তিগতকৰণৰ দিশে লৈ যাব বিচাৰিছে (Privatization of Govt schools)।

চৰকাৰে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংস কৰিব বিচাৰিছে বুলি অভিযোগ কৰি গগৈয়ে কয় যে, চৰকাৰী জাননীখনত কোৱা হৈছে ৰাজ্যৰ ৩১৩৫৩ খন বিদ্যালয়ত বিজুলী পাংখা, ডেক্স-বেঞ্চ আৰু ফিল্টাৰ নাই (Poor infrastructure in Assam Govt school) । অৰ্থাৎ আন্তঃগাঁথনিৰ মূল সা-সুবিধাখিনি নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দীঘলীয়া সময় শিক্ষামন্ত্ৰী হৈ থক‍া সময়ত কি কৰিলে বুলি তেওঁ প্ৰশ্ন কৰে ।

অখিল গগৈয়ে লগতে কয় যে, বৰ্তমান সময়ত 'চান্দা' সংগ্ৰহ কৰাৰ একমাত্ৰ অধিকাৰ বিজেপিৰ আছে । আন কোনেও দান-বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব । এতিয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰ চান্দা সংগ্ৰহৰ অধিকাৰ আছে ।

তেওঁ আৰু কয় যে, এতিয়া বিদ্যালয়ৰ ডেক্স-বেঞ্চ, ফিল্টাৰ আৰু পাংখাৰ বাবে চান্দা সংগ্ৰহ কৰা হ'ব । হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন বৰ্তমান এখন চান্দা তোলা চৰকাৰত পৰিণত হৈছে বুলি উল্লেখ কৰি অখিলে কয় যে, চৰকাৰ দেউলীয়া হৈছে তাত কোনো সন্দেহ নাই । চৰকাৰে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোৰ পৰা লাহে লাহে আঁতৰি ইয়াক ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে । এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক: কাৰাগাৰৰ ভিতৰত অসুবিধা আৰু অৰাজক পৰিস্থিতিৰ অভিযোগেৰে সৰৱ বিধায়ক শ্বেৰমান আলী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.