ETV Bharat / city

গুৱাহাটীত বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ

author img

By

Published : May 26, 2022, 9:24 PM IST

Cough syrup seized in Guwahati
গুৱাহাটীত বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে (Cough syrup seized in Guwahati) । লগতে তিনিজন লোকক আৰক্ষীয়ে আটক কৰে ৷

গুৱাহাটী, 26 মে’: নিচাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আৰক্ষীৰ অভিযান (Operation against narcotics) ৷ তাৰ মাজতে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে (Narcotics seized in Guwahati)। লগতে তিনিজন লোকক আৰক্ষীয়ে আটক কৰে ৷

এক গোপন সূত্ৰ অনুসৰি, গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ (Guwahati joint CP Partha Sarathi Mahanta) নেতৃত্বত অপৰাধ অনুসন্ধান শাখা আৰু গড়চুক আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই 101 টা ফেঞ্চিডাইল ভৰ্তি বস্তা আৰু এখন বাহন জব্দ কৰে ৷

গুৱাহাটীত বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ

ফেঞ্চিডাইলখিনি কঢ়িয়াই অনা তিনিজন লোককো আটক কৰে আৰক্ষীয়ে (Drug peddler arrested by Guwahati Police) ৷ আটকাধীন লোককেইজন মুকালমুৱাৰ হাফিজুৰ ৰহমান আৰু মজিবুৰ ৰহমান আৰু পশ্চিম বৰগাঁৱৰ মৃদুল মালাকাৰ বুলি জানিব পৰা গৈছে ৷

জব্দকৃত 30 হাজাৰ টা ফেঞ্চিডাইল বটলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 12 কোটি টকা বুলি আৰক্ষীয়ে জানিব দিয়ে (Cough syrup seized in Guwahati) ৷ জব্দকৃত ফেঞ্চিডাইলখিনি পশ্চিমবংগৰ পৰা আনি গুৱাহাটীত মজুত কৰি ৰখা হৈছিল আৰু মেঘালয় হৈ ম্যানমাৰ আৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : শিলৰ কুৱেৰী আৱন্টনৰ ঘটনা: অভিযুক্ত কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.