ETV Bharat / state

শিলৰ কুৱেৰী আৱন্টনৰ ঘটনা: অভিযুক্ত কোন ?

author img

By

Published : May 26, 2022, 6:33 PM IST

শিলৰ কুৱেৰী আৱন্টনৰ ঘটনাই সম্প্ৰতি লৈছে নতুন মোৰ (Stone quarry scam) ৷ অভিযোগ উত্থাপন কৰা এগৰাকী মহিলাৰ বিৰুদ্ধে আৰক্ষীয়ে দিলে অভিযোগ ৷ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

শিলৰ কোৱেৰী আৱন্টনৰ ঘটনা: অভিযুক্ত কোন ?
শিলৰ কোৱেৰী আৱন্টনৰ ঘটনা: অভিযুক্ত কোন ?

বৰপেটা, 26 মে’: শিলৰ কুৱেৰী আৱন্টনৰ নামত অসম সচিবালয়ৰ ভিতৰতে চাৰে চাৰি লাখ টকা উৎকোচ লোৱা ঘটনাই লৈছে নতুন মোৰ (Stone quarry scam)৷ দুদিন পূৰ্বে শিলৰ কুৱেৰী আৱন্টনৰ নামত আব্দুল হাই নাগৰী নামৰ এজন লোকে মন্ত্ৰীৰ নাম লৈ 4 লাখ 50 হাজাৰ টকা আৰু আই ফোন উৎকোচ লোৱা বুলি এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছিল (One arrested for Stone quarry scam) ৷

অসম সচিবালয়ৰ ভিতৰতে চাৰে চাৰি লাখ টকা উৎকোচ লোৱা ঘটনাৰ বিৰুদ্ধে হাজেৰা বেগম নামৰ মহিলাগৰাকীয়ে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছিল ৷ হাজেৰা বেগমৰ অভিযোগৰ ভিত্তিত আব্দুল হাই নাগৰী নামৰ প্ৰৱঞ্চকটোক দিছপুৰ আৰক্ষীয়ে আটক কৰি গোচৰ ৰুজু কৰি তদন্ত চলাই আছে ৷ তাৰ পিছতেই ঘটনাই লৈছে নতুন মোৰ (Stone quarry scam in Assam secretariat)৷

ধৃত আব্দুল হাই নাগৰীয়ে আৰক্ষীক দিয়া স্বীকাৰোত্তিৰ ভিত্তিত শিলৰ কুৱেৰী আৱন্টনৰ নামত উৎকোচ আদায় দি প্ৰৱঞ্চিত হোৱা হাজেৰা বেগমৰ বিৰুদ্ধে এইবাৰ বৰপেটা আৰক্ষীয়ে আনিছে প্ৰৱঞ্চনাৰ গোচৰ ৷ প্ৰথমতে হাজেৰা বেগমে শিলৰ কুৱেৰী আৱন্টনৰ নামত মন্ত্ৰীৰ নাম লৈ ধন আদায় দি প্ৰৱঞ্চিত হোৱা আৰু আনপিনে বৃহস্পতিবাৰে পুনৰ মহিলাগৰাকীৰ বিৰুদ্ধে খোদ বৰপেটা আৰক্ষীয়েই গোচৰ ৰুজু কৰি মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সম্প্ৰতি অধিক সন্দেহজনক কৰি তুলিছে সমগ্ৰ ঘটনাটোক ।

লগতে পঢ়ক: বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত আটাইকে কঠোৰতম শাস্তি প্ৰদান কৰক : শৃংখল চলিহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.