ETV Bharat / city

মহানগৰীত পুনৰ জব্দ কয়লা ভৰ্তি ট্ৰাক

author img

By

Published : Nov 5, 2019, 3:13 AM IST

Updated : Nov 5, 2019, 12:04 PM IST

সোমবাৰে মহানগৰী আৰক্ষীয়ে পুনৰ জব্দ কৰে এখন কয়লা ভৰ্তি ট্ৰাক ৷ যোৰাবাট আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়তে চালকসহ জব্দ কৰে AS-91DC-9799 পঞ্জীয়নভুক্ত ট্ৰাকখন ৷

কয়লাভৰ্তি ট্ৰাক জব্দ

গুৱাহাটী, 4 নৱেম্বৰঃ বিগত কেইদিন ধৰি ৰাজ্যত ভয়াৱহ ৰূপ লৈছে অবৈধ কয়লাৰ চোৰাং সৰবৰাহে । দৈনিক ইটোৰ পাছত সিটোকৈ অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ইয়াৰ বিৰুদ্ধে সঠিক পদক্ষেপ লোৱাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন। সোমবাৰে যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত চলোৱা এক বিশেষ অভিযানত এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। যোৰাবাটৰ 12 মাইলৰ পৰা যোগীঘোপা লৈ গৈ থকা সময়ত AS-91DC-9799 নম্বৰৰ এখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে । ট্ৰাকখনৰ চালক ৰবীন্দ্ৰ দাসক (30 কাৰ্বি আংলং) যোৰাবাট আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰিছে ।

কয়লাভৰ্তি ট্ৰাক জব্দ

উল্লেখযোগ্য যে,ৰাজ্যত অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাই যোৱা 29 অক্টোবৰত বিশেষ অভিযান চলাইছিল ৷ গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা খবৰ অনুসৰি,শ-শ অবৈধ কয়লা ভৰ্তি ট্ৰাক অসম মেঘালয় সীমান্তৱৰ্তী 6নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মহানগৰীত প্ৰৱেশ কৰাৰ বাবে ৰৈ আছিল । চিআইডিৰ দলটোৱে 29 অক্টোবৰৰ নিশা খানাপাৰাত অভিযান চলাই AS-01-GC-9077 অবৈধ কয়লা ভৰ্তি ট্ৰাকসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত চি আই ডিয়ে গোচৰ নং 8/2018 ভিত্তিত মুঠ 19 লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে যদিও অবৈধ কয়লা চোৰাং সৰবৰাহ বৰ্তমানেও অব্যাহত আছে ।

লগতে চাওকঃ প্ৰদূষণ ৰোধৰ বাবে তাজমহলত এয়াৰ পিউৰিফায়াৰ স্থাপন

Intro:কয়লা ভৰ্তি ট্ৰাক জব্দ, চালক আটক


Body:বিগত কেইদিনে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে চোৰাং অবৈধ কয়লা সৰবৰাহ। দৈনিক ইটোৰ পাছত সিটোকৈ অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ইয়াৰ বিৰুদ্ধে সঠিক পদক্ষেপ লোৱাত ব্যৰ্থ আৰক্ষী প্ৰশাসন। দেওবাৰে যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত চলোৱা এক বিশেষ অভিযানত এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। যোৰাবাটৰ 12 মাইলৰ পৰা যোগীঘোপা লৈ গৈ থকা সময়ত AS 91 DC 9799 নম্বৰৰ এখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। অবৈধ কয়লা ভৰ্তি ট্ৰাক চালক ৰবীন্দ্ৰ দাসক (30 কাৰ্বি আংলং)। যোৰাবাট আৰক্ষীয়ে সোধ পোচৰ বাবে আটক কৰিছে। ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং অবৈধ কয়লা সৰবৰাহ।

Bite ট্ৰাক চালক







Conclusion:উল্লেখযোগ্য যে ৰাজ্যত অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাই যোৱা 29 অক্টোবৰত গোপন সূত্ৰৰ ভিত্তিত খবৰ পাইছিল যে শ শ অবৈধ কয়লা ভৰ্তি ট্ৰাক অসম মেঘালয় সীমান্তৱৰ্তীত থকা 6 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে মহানগৰীত প্ৰৱেশ কৰাৰ বাবে ৰৈ আছে। চি আই ডিৰ এটা দলে 29 অক্টোবৰৰ নিশা খানাপাৰাত এক অভিযান চলাই AS 01 GC 9077 অবৈধ কয়লা ভৰ্তি ট্ৰাকসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত চি এই ডিয়ে গোচৰ নং 8/2018 ভিত্তিত মুঠ 19 লোকক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং অবৈধ কয়লা সৰবৰাহ। ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Asrar Ansari
গুৱাহাটী
Last Updated : Nov 5, 2019, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.