ETV Bharat / city

মহানগৰীৰ ৰাজপথত মহিলাৰ চাফাই অভিযান

author img

By

Published : Aug 15, 2019, 6:27 PM IST

মহানগৰীৰ ৰাজপথত মহিলাৰ চাফাই অভিযান

স্বাধীনতা দিৱস উপলক্ষে ৰাজপথ-শ্বহীদ বেদীত মহিলাৰ এই চাফাই অভিযান ৷

গুৱাহাটী,15 আগষ্ট: দেশৰ 73তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ "সৃষ্টি" নামৰ মহিলা সমবায় সমিতিখনে আজি এক ব্যতিক্ৰমী কাৰ্যসূচী পালন কৰে । প্ৰায় ডেৰ শতাধিক মহিলাৰে গঠিত গনেশগুৰি আৰ পি ৰোডৰ ১৯ নং ৱাৰ্ডৰ এই মহিলা সমিতিখনৰ অৰ্ধ শতাধিক সদস্যাই আজি পুৱাৰে পৰা হাতে হাতে ঝাড়ু, দা, কটাৰী আদি লৈ নামি পৰে চাফাই অভিযানত । 'সৃষ্টি'ৰ সদস্যাসকলে গনেশগুৰিৰ বি কে টাৱাৰৰ পৰা গনেশ মন্দিৰলৈকে এই চাফাই অভিযান চলাই ৷ গনেশ মন্দিৰৰ সমুখত থকা শ্বহীদ বেদীও পৰিষ্কাৰ কৰে মহিলাৰ দলটোৱে ৷ উল্লেখযোগ্যযে সুদীৰ্ঘ সময় ধৰি পৰিষ্কাৰ নকৰাৰ ফলত হাবি জংঘলেৰে ভৰি পৰা এই শ্বহীদ বেদীটোৰ চৌপাশ মহিলাসকলে পৰিষ্কাৰ কৰি তোলে ৷ স্বাধীনতা দিৱসৰ দিনটোতে এইদৰে চাফাই অভিযান চলোৱা মহিলাৰ দলটোৰ ৰাইজে একমুখে শলাগ লৈছে ৷

মহানগৰীৰ ৰাজপথত মহিলাৰ চাফাই অভিযান
Intro:গুৱাহাটী, ১৫ আগষ্ট: স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী মহানগৰীৰ " সৃষ্টি " নামৰ মহিলা সমবায় সমিতিখনে এক ব্যতিক্ৰমী কাৰ্যসূচী পালন কৰে। প্ৰায় ডেৰ শতাধিক মহিলাৰে গঠিত গনেশগুৰি আৰ পি ৰোডৰ ১৯ নং ৱাৰ্ডৰ এই মহিলা সমিতিখনৰ অৰ্ধ শতাধিক সদস্যাই আজি পুৱাৰে পৰা হাতে হাতে ঝাড়ু, দা, কটাৰী আদি লৈ নামি পৰে চাফাই অভিযানত।Body:" সৃষ্টি" ৰ সদস্যাসকলে গনেশগুৰিৰ বি কে টাৱাৰৰ পৰা গনেশ মন্দিৰলৈকে চলাই এই চাফাই অভিযান। বাটৰ দুয়োকাষে থকা আৱৰ্জনা চিকুনাই দলটো উপস্থিত হয় গনেশ মন্দিৰৰ সমুখত থকা শ্বহীদ বেদীত। সুদীৰ্ঘ সময় ধৰি পৰিষ্কাৰ নকৰাৰ ফলত হাবি জংঘলেৰে ভৰি পৰা শ্বহীদ বেদীটোৰ চৌপাশ মহিলাসকলে পৰিষ্কাৰ কৰি তোলে।Conclusion:স্বাধীনতা দিৱসৰ দিনটোতে এইদৰে " সৃষ্টি " ৰ মহিলাৰ দলটোৱে স্বতঃস্ফুটভাবে ওলাই আহি চাফাই অভিযান চলোৱা কাৰ্যক একমুখে শলাগ লৈছে স্থানীয় ৰাইজে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.