ETV Bharat / city

চিনাক্ত হ’লেও নহয় বিতাড়ণ; ওলমি ৰ’ব নেকি অসমৰ বিদেশী সমস্যা

author img

By

Published : Mar 3, 2022, 5:23 PM IST

Updated : Mar 3, 2022, 7:45 PM IST

সমাধান নোহোৱাকৈয়ে থাকি যাব নেকি অসমৰ বিদেশী সমস্যা (Illegal immigrant problem in Assam) ৷ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত উন্মোচন কৰিছে অসমৰ বিদেশী সমস্যাৰ পৰিসংখ্যা ৷ যি পৰিসংখ্যা আৰু বিদেশী বিতাড়ণ প্ৰক্ৰিয়াই সমগ্ৰ বিদেশী সমস্যাৰ বিষয়টোকেই যেন উপহাস কৰিছে ৷

Illegal immigrant issue of Assam
Illegal immigrant issue of Assam

গুৱাহাটী, 3 মাৰ্চ : বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত অসমত বিদেশী চিনাক্ত কৰা হয় যদিও বিতাড়িত নোহোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া (Illegal immigrant problem in Assam)। লক্ষণীয় বিষয় যে, ৰাজ্যখনত থকা বিদেশী ন্যায়াধিকৰণসমূহে (Foreigners tribunal in Assam) 2021 চনৰ ৩১ ডিচেম্বৰলৈকে মুঠ ১,৪৩,৪৬৬ জন লােকক বিদেশী বুলি ঘােষণা কৰিছে । কিন্তু ইয়াৰে ভিতৰত বিগত ১ ফেব্ৰুৱাৰীলৈকে নিজ দেশলৈ ঘূৰাই পঠোৱা হৈছে মাত্র ৩২৯জন লােকক । বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ এই তথ্য কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে (Nrityanand Rai on illegal immigrant issue of Assam) উন্মোচন কৰিছে ৰাজ্যসভাত ৷

মন কৰিব লগীয়া কথা যে, বিদেশী ন্যায়াধিকৰণৰ নামত প্রতিবছৰে চৰকাৰে কোটি কোটি টকা ব্যয় কৰি আহিছে । বিগত তিনিটা বিত্তীয় বৰ্ষতে বিদেশী ন্যায়াধিকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে মুঠ ৬৯ কোটি টকা মােকোলাই দিছে । পিছে কোটি কোটি টকা খৰচ কৰি বিদেশী চিনাক্ত কৰাৰ পাছতাে চিহ্নিত বিদেশীসকলক বিতাড়িত কৰা হােৱা নাই ।

লক্ষণীয় বিষয় যে, চিনাক্তকৰণ কৰা বিদেশী লােকসকলক বহিষ্কাৰ নকৰা কাৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো সূদুত্তৰ নাই । ইফালে চিহ্নিত বিদেশীসকলক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক সম্পূর্ণ ক্ষমতা প্রদান কৰিছে যদিও আজিৰ তাৰিখত বিদেশী বুলি ঘােষিত লােকসকল ডিটেনশ্যন চেণ্টাৰত (Foreigners detention camps in Assam) আছে নে নাই তাৰ কোনাে তথ্য নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওচৰত ।

Illegal immigrant issue of Assam
ঐতিহাসিক অসম চুক্তি

চিনাক্ত হোৱা বিদেশী নাগৰিক ক’ত আছে তাৰ তথ্য চৰকাৰৰ ওচৰত নথকা বিষয়টো এক ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে ৷

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ ছাংমায়ে কয় যে, বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে চিনাক্তকৰণ আৰু বিতাড়ণ দুয়োটা প্ৰক্ৰিয়াই হ’ব লাগিব৷ কিন্তু বিদেশী ন্যায়াধীকৰণে গুৰুত্বসহকাৰে দায়িত্ব পালন নকৰাৰ অভিযোগ তুলিছে এ জে ৱাই চি পিৰ সভাপতিজনে৷ তেওঁ কয় যে, কেৱল চিনাক্তকৰণ হ’লেই নহ’ব বিদেশী বিতাড়ণো হ’ব লাগিব ৷ লগতে বিদেশী চিনাক্ত হোৱা সকলক ডিটেনশ্যন কেম্পলৈ আনি বিধি মতে বিতাড়ণৰ ব্যৱস্থা কৰিব লাগে বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে ৷

কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে সম্প্রতি ৰাজ্যখনত মুঠ 100 খন বিদেশী ন্যায়াধিকৰণ কার্যক্ষম হৈ আছে (Active foreigners tribunal in Assam)। উক্ত বিদেশী ন্যায়াধিকৰণসমূহত ২০২১ বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে মুঠ ১,২৩,৮২৯ টা গােচৰ নিষ্পত্তি নােহােৱাকৈ পৰি আছে । আনহাতে, ন্যায়াধিকৰণসমূহে ৩১ ডিচেম্বৰলৈকে ১,৪৩,৪৬৬ জন লােকক বিদেশী বুলি ঘােষণা কৰাৰ বিপৰীতে ১,২১,৫৯৮ জনক ভাৰতীয় বুলি ঘােষণা কৰিছে । পিছে উক্ত বিদেশী বুলি ঘােষিত লােকসকলৰ ভিতৰত মাত্র ৩২৯জন লােককহে চলিত বৰ্ষৰ এক ফেব্ৰুৱাৰীলৈকে নিজ দেশলৈ ঘূৰাই পঠোৱা হৈছে ।

এয়াই হৈছে অসমত বিদেশী চিনাক্তকৰণ আৰু বিতাড়িত কৰাৰ প্রকৃত ছবি । যি সময়ত অবৈধ অনুপ্ৰৱেশৰ (Illegal immigrant in Assam) ফলত ৰাজ্যৰ বিভিন্ন জিলা তথা বিধানসভা সমষ্টিৰ জনগাঁথনি সলনি (Demographic pattern of Assam) হৈ পৰাৰ অভিযােগ উঠি আহিছে, সেই সময়তে এই তথ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে ।

মুঠৰ ওপৰত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ নামত যে অসমত দীর্ঘদিন ধৰি এক ভেঁকো-ভাওনা চলি আছে সেই কথা ইতিমধ্যেই স্পষ্ট হৈ পৰিছে । আনহাতে, দেখা গৈছে যে ৰাজনৈতিক দলসমূহেও ৰাজ্যৰ বিদেশী সমস্যাক নির্বাচনী ইছু কৰিবলৈকে জীয়াই ৰাখিছে । আনকি অসম চুক্তি স্বাক্ষৰ হােৱা ৩৫ বছৰ পাৰ হৈ যােৱাৰ পাছতাে আজিলৈকে ৰাজ্যৰ বিদেশী সমস্যাৰ সমাধান নহ'ল । যাৰ ফলত ৰাজ্যৰ খিলঞ্জীয়া লােকসকলে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে ।

উল্লেখ যে, অসমৰ জলন্ত বিদেশী সমস্যা সমাধানৰ বাবে আৰম্ভ হৈছিল অসম আন্দোলন (Historical Assam movement)। ছবছৰীয়া অসম আন্দোলনৰ অন্তত স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি । কিন্তু ঐতিহাসিক অসম চুক্তিৰ পাছতো অসমৰ বিদেশী সমস্যাৰ সমাধান নহ'ল । ইয়াৰ পাছত আহিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰসংগ ।দীঘলীয়া পৰিক্ৰমাৰ অন্তত এন আৰ চিৰ কাম হ'ল যদিও বিবাদমুক্ত নহ'ল ।

অসমৰ মুঠ জনসংখ্যাৰ ১৯,০৬,৬৫৭ গৰাকীৰ নাম এন আৰ চিৰ পৰা বাদ পৰিল । খচৰাত সেই সংখ্যা আছিল ৪০ লক্ষাধিক। এন আৰ চি তালিকা প্ৰকাশৰ পাছত এই হিচাপবোৰে এতিয়া সকলোকে বিমোৰত পেলাইছে । এন আৰ চিত নাম নথকা ১৯ লাখৰ ভিতৰত বহু স্বদেশীৰ নামো আছে । ইফালে স্বদেশী বুলি নাম অন্তৰ্ভুক্ত তালিকাত বহু বিদেশীৰ নাম সোমাইছে বুলিও অভিযোগ উঠিছে ।

এন আৰ চিক লৈ একাংশ সন্তুষ্ট যদিও বহুতে এই তালিকাক এখন আধৰুৱা তালিকা হিচাপেহে অভিহিত কৰিছে । আনকি ৰাজ্য চৰকাৰ নিজেই সন্তুষ্ট নহয় এন আৰ চিখনক লৈ । তেনেস্থলত সমগ্ৰ বিষয়টোৱেই বৰ্তমান বিতৰ্কৰ আৱৰ্তত আছে । ইফালে বিদেশীৰ সমস্যাটো বৰ্তমানেও সমস্যা হৈয়ে আছে । বৰং দিনক দিনে এই সমস্যা আৰু অধিক তীব্ৰতৰ তথা জটিল হৈ পৰিছে ।

লগতে পঢ়ক : সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC

Last Updated : Mar 3, 2022, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.