ETV Bharat / city

সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC

author img

By

Published : Mar 3, 2022, 4:23 PM IST

এতিয়াৰে পৰা স্থাৱৰ কোনো সা-সম্পত্তি বিক্ৰী বা ক্ৰয়ৰ বাবে জিলা উপায়ুক্তৰ পৰা কোনো আপত্তিবিহীন প্ৰমাণপত্ৰ লোৱাৰ প্ৰয়োজন নহ’ব (No NOC of DC will be required) । কিয়নো ৰাজ্য চৰকাৰে "দ্য ৰেজিষ্ট্ৰেশ্যন (আছাম এমেণ্ডমেন্ট) এক্ট - ২০২১" ত সংশোধনী ঘটাইছে আৰু সেই সংশোধনীত অলপতে ৰাষ্ট্ৰপতিয়ে অনুমোদনো জনাইছে ।

সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC
সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC

গুৱাহাটী, ৩ মাৰ্চ : এতিয়াৰে পৰা আৰু স্থাৱৰ কোনো সা-সম্পত্তি বিক্ৰী বা ক্ৰয়ৰ বাবে জিলা উপায়ুক্তৰ পৰা কোনো আপত্তিবিহীন প্ৰমাণপত্ৰ লোৱাৰ প্ৰয়োজন নহ’ব (No NOC of DC will be required) । কিয়নো ৰাজ্য চৰকাৰে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰি এই তিক্ততাদায়ক বিধি নিয়মৰ পৰা ৰাইজক সকাহ দিছে (Assam Govt exempts residents from obtaining NOC to buy property in State) ।

বহু পূৰ্বৰে পৰা এই ব্যৱস্থা অসমত চলি আহিছিল যে কোনোৱে যদি নিজৰ কষ্টোপাৰ্জিত ধনেৰে কৰবাত ফ্লেট, ঘৰ, আৱাসিক এপাৰ্টমেন্ট, ব্যৱসায়িক ঘৰ, আন্তৰ্গাঠনিৰ সৈতে মাটি আদি ক্ৰয় কৰিব খোজে বা কোনোৱে যদি নিজৰ তেনে সম্পত্তি বিক্ৰী কৰিব খোজে তেন্তে তাৰ বাবে সংশ্লিষ্ট উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ এখন লোৱাটো বাধ্যতামূলক । এই কাম ইমান সহজ নাছিল ।

সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC
সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC

চৰকাৰী ৰঙাফিটাৰ মেৰপেচত এই প্ৰক্ৰিয়া সোমাই পৰাৰ বাবে মাহৰ পিছত মাহ জুৰি অপেক্ষা কৰিবলগীয়া হৈছিল এনে এখন আপত্তিবিহীন প্ৰমাণপত্ৰৰ বাবে । কিন্তু এতিয়াৰে পৰা আৰু সেই জটিলতা বা অনাহক বিলম্ব নাথাকিব । কিয়নো ৰাজ্য চৰকাৰে ইতিমধ্যে "দ্য ৰেজিষ্ট্ৰেশ্যন (আছাম এমেণ্ডমেন্ট) এক্ট - ২০২১" ত সংশোধনী ঘটাইছে আৰু সেই সংশোধনীত অলপতে ৰাষ্ট্ৰপতিয়ে অনুমোদনো জনাইছে ।

সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC
সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC

অসম বিধানসভাই পূৰ্বতে এই সংশোধনী বিধেয়কখন গৃহিত কৰিছিল আৰু যিহেতু দেশৰ সকলো ৰাজ্যতে প্ৰযোজ্য হৈ থকা আইন সংশোধন কৰিবলৈ হ'লে তাত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন সেয়েহে উক্ত ফাইল ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছিল । বিগত দীঘলীয়া সময়জুৰি এই ফাইল ৰাষ্ট্ৰপতি ভৱনতে পৰি আছিল যদিও দেশৰ সাংবিধানিক মুৰব্বী গৰাকীয়ে তাত অনুমোদন জনোৱা নাছিল । কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে সেই ফাইলত অনুমোদন জনোৱাৰ পিছত ৰাজ্য চৰকাৰে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰি এই আপত্তিবিহীন প্ৰমাণপত্ৰৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে ।

মনকৰিবলগীয়া যে, বিগত সময়চোৱাত স্থাবৰ সম্পত্তি ক্ৰয় বা বিক্ৰয়ৰ বাবে প্ৰয়োজন হোৱা এনেধৰণৰ আপত্তিবিহীন প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ নামত জিলা উপায়ুক্তৰ কাৰ্যালয় সমূহত সাধাৰণ জনতাই জীয়াতু ভূগি আহিছিল । এই ব্যৱস্থা যিহেতু সমগ্ৰ দেশতে প্ৰযোজ্য গতিকে উপায়ুক্তৰ কাৰ্যালয়ত এখন এন অ' চি উলিওৱাৰ নামত সাধাৰণ জনতা হাৰাশাস্তিৰ সন্মুখীন হ'লেও ৰাইজক তাৰ পৰা সকাহ দিয়াৰ কোনো উপায় ৰাজ্য চৰকাৰৰ হাতত নাছিল । জিলা উপায়ুক্ত কাৰ্যালয় সমূহত পিটপিটাই থকা এচাম দালাল, মধ্যভোগী আৰু আনকি এচাম কৰ্মচাৰীয়েও এনে এন অ' চি উলিয়াই দিয়াৰ নামত ধন ঘটি আহিছিল ।

লগতে পঢ়ক : AP High Court : আদালতৰ ৰায় অনুসৰি অমৰাৱতী হ’ব অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী

ফলত ৰাইজক ইয়াৰ পৰা সকাহ দিবলৈ উক্ত আইনখনৰে সংশোধনী আনি ৰাষ্ট্ৰপতিৰ পৰা অনুমোদন বিচাৰি ৰাজ্য চৰকাৰে ফাইল প্ৰেৰণ কৰিছিল । শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ পৰা অনুমোদন লাভ কৰাৰ পিছত ৰাজ্য চৰকাৰৰ বিধায়িনী বিভাগে ৰাজপত্ৰিত অধিসূচনা যোগে পূৰ্বৰ সেই ব্যৱস্থা প্ৰত্যাহাৰ কৰাত এতিয়াৰে পৰা ফ্লেট, ঘৰ, আৱাসিক এপাৰ্টমেন্ট, ব্যৱসায়িক ঘৰ, আন্তৰ্গাঠনিৰ সৈতে মাটি আদি কিনা বেচাৰ ক্ষেত্ৰত থকা পূৰ্বৰ সেই উপায়ুক্তৰ পৰা এন অ' চি লোৱা ব্যৱস্থা আঁতৰ হ'ল ।

আনহাতে, চৰকাৰৰ এই পদক্ষেপে সাধাৰণ জনতাক এতিয়াৰে পৰা স্থাবৰ সা-সম্পত্তি কিনা বেচাৰ ক্ষেত্ৰত যথেষ্ঠখিনি সকাহ দিব বুলি মন্তব্য কৰিছে সুদক্ষ প্ৰশাসনিক বিষয়া তথা ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ( Deputy Commissioner Biswajit Pegu)। ই টিভি ভাৰতক উপায়ুক্ত গৰাকীয়ে কয় - " নিঃসন্দেহে ৰাজ্যৰ সাধাৰণ জনতা এই নতুন সিদ্ধান্তৰ ফলত উপকৃত হ’ব ।

কিয়নো, পূৰ্বতে এনেধৰণৰ এন অ' চি পাবৰ বাবে ৰাইজে উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় আদিলৈ বহুবাৰ অহাযোৱা কৰি থাকিবলগীয়া হৈছিল । যাৰ বাবে কিনা বেচাৰ প্ৰক্ৰিয়াটোও দীঘলীয়া হৈ পৰিছিল । এতিয়াৰ পৰা সেই সমস্যা আঁতৰিল । অৱশ্যে কোনো আন্তৰ্গাঠনি নিৰ্মাণ নোহোৱাকৈ থকা খালি মাটি বিক্ৰীৰ ক্ষেত্ৰত এই নতুন ব্যৱস্থা হয়তো কাৰ্যকৰী নহব । কাৰণ, অধিসূচনাত খালি মাটিৰ বিষয়টো উল্লেখ কৰা হোৱা নাই ।"

লগতে পঢ়ক : নামপঙৰ গভীৰ অৰণ্যত সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.