শুই থাকোতেই হাতীয়ে ভাঙি থৈ গ’ল ঘৰটো, বিপদত মৰিয়নীৰ এটা পৰিয়াল - Man Elephant Conflict
🎬 Watch Now: Feature Video

Published : June 13, 2024 at 4:21 PM IST
যোৰহাট, ১৩ জুন: মৰিয়নীত বন্যহস্তীৰ তাণ্ডৱ । মৰিয়নী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কঠালগুৰি চাহ বাগিচাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে আৰু বাগিচাখনৰ ৮ নং লাইনৰ মহেন্দ্ৰ মণ্ডলৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰি সকলো বয়-বস্তু নষ্ট কৰে ।
পুৱতি নিশা প্ৰায় দুই বজাত মৰিয়নী হোলোঙাপাৰাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি প্ৰথমতে মহেন্দ্ৰ মণ্ডলৰ বাসগৃহৰ লগতে অন্য কেবাটাও বাসগৃহত বন্যহস্তীয়ে তাণ্ডৱ চলাই সকলো সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে । আনহাতে বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে মহেন্দ্ৰ মণ্ডল আৰু তেওঁ পত্নীৰ ।
বনহস্তীয়ে বাসগৃহটো ভাঙি পেলোৱাৰ পিচত দৰিদ্ৰ পৰিয়ালটো খাদ্য-বাসস্থানৰ বাবে গভীৰ সংকটত পৰিছে । ইতিমধ্যে ঘটনাস্থলীত মৰিয়নী বন বিভাগৰ দল উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ লগতে বন্যহস্তীক পুনৰ বনাঞ্চললৈ ঘূৰাই পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই ৷ ইফালে বন বিভাগৰ দলটো ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগো উত্থাপিত হৈছে ।
উল্লেখ্য যে বিগত সময়ছোৱাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বন্যহস্তীৰ জাকে তাণ্ডৱ চলাই আহিছে ।
লগতে পঢ়ক: খঙত টিঙিৰি তুলা হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মানুহৰ ঘৰ